মৰাণ, ১৯ ফেব্ৰুৱাৰী: কেঞ্চাৰ ৰোগীৰ বাবে সেৱা আগবঢ়োৱাৰ বাবে ডিব্ৰুগড়ৰ দুগৰাকী বিশিষ্ট চিকিৎসকক বিশেষ বঁটা প্ৰদান কৰা হয় । বৃহস্পতিবাৰে ডিব্রুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱন প্ৰেক্ষাগৃহত দুয়োগৰাকী চিকিৎসকক বঁটা প্ৰদান কৰা হয় ।
উজনি অসমত কেঞ্চাৰ ৰোগৰ চিকিৎসা, ৰোগীক সহায়, সজাগতা সৃষ্টি আদিৰ ক্ষেত্ৰত কাম কৰি অহা 'প্রতিশ্রুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট'ৰ উদ্যোগত মিলন জ্যোতি সংঘ আৰু এ এম চিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ অধীনত চলি থকা এক প্ৰকল্পৰ সমৰ্থনত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
তদুপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডাঃ হেৰম্ব কুমাৰ ভৰালী সোঁৱৰণী বঁটা কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা সেৱা আগবঢ়াই অহা মুম্বাই টাটা হাস্পতলৰ বিশিষ্ট কেঞ্চাৰ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়া আৰু কাছাৰ কেঞ্চাৰ হস্পিতেলৰ কেঞ্চাৰ বিশেষজ্ঞ ডাঃ ইকবাল বাহাৰক আনুষ্ঠানিকভাৱে বঁটা আগবঢ়োৱা হয় ।