ডিব্ৰুগড়,1 মাৰ্চ:সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো গৃহৰক্ষী বাহিনীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত নিৰ্বাচনী কৰ্তব্য পালন নকৰাৰ হুংকাৰ গৃহৰক্ষী জোৱানৰ ৷ ইউনিফৰ্ম পিন্ধি ওলাই আহিল তিনি সহস্ৰাধিক গৃহৰক্ষী জোৱান ৷ সোমবাৰৰ পৰা দুদিনীয়া বিদ্ৰোহ কাৰ্যসূচী হাতত লোৱা সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অসহযোগ আন্দোলনত অচল হৈ পৰে ডিব্ৰুগড়ৰ আৰক্ষী প্ৰশাসন ৷ সোমবাৰে পুৱাৰে পৰা অসহযোগ আন্দোলনত নামি পৰে শ শ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান ৷
ৰাজপথলৈ ওলাই আহিল শ শ গৃহৰক্ষী জোৱান - সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা
সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো গৃহৰক্ষী বাহিনীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত নিৰ্বাচনী কৰ্তব্য পালন নকৰাৰ হুংকাৰ গৃহৰক্ষী জোৱানৰ ৷ ইউনিফৰ্ম পিন্ধি ওলাই আহিল তিনি সহস্ৰাধিক গৃহৰক্ষী জোৱান ৷ সোমবাৰৰ পৰা দুদিনীয়া বিদ্ৰোহ কাৰ্যসূচী হাতত লোৱা সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অসহযোগ আন্দোলনত অচল হৈ পৰে ডিব্ৰুগড়ৰ আৰক্ষী প্ৰশাসন ৷ সোমবাৰে পুৱাৰে পৰা অসহযোগ আন্দোলনত নামি পৰে শ শ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান ৷
1947 চনৰ গৃহৰক্ষী আইনখন সংশোধন কৰি অসমৰ গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি গৃহৰক্ষী জোৱানসকলৰ মাহিলী দৰমহাৰ একৈশ হাজাৰ কৰা, চিকিৎসা ব্যৱস্থা কৰা, মাতৃকালীন ছুটী ব্যৱস্থা কৰা আদিকে ধৰি মুঠ আঠটা দাবীত এই অসহযোগ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে গৃহৰক্ষী জোৱানে ৷ তদুপৰি অচিৰেই দাবী পূৰণ নকৰিলে অহা নিৰ্বাচনত কৰ্তব্য সম্পাদনৰ পৰা বিৰত থকাৰো হুংকাৰ গৃহৰক্ষী জোৱানৰ ৷ আনহাতে, চৰকাৰে ৰাজ্যৰ 27 হাজাৰ গৃহৰক্ষী জোৱানক চৰম প্ৰতাৰণা কৰা বুলিও ক্ষোভ প্ৰকাশ কৰি অন্যান্য কৰ্মচাৰীসকলক দৰমহা বৃদ্ধিকে ধৰি অন্যান্য প্ৰাপ্য সময়মতে বৃদ্ধি তথা কাৰ্যকৰী কৰি আহিছে যদিও নিষ্ঠা সহকাৰে নিজ কৰ্তব্য পালন কৰি অহা গৃহৰক্ষী সকলক বছৰ বছৰ ধৰি বঞ্চিত কৰি অহাৰ বাবেই এতিয়া ক্ষোভিত হৈ পৰিছে গৃহৰক্ষী জোৱানসকল ৷
লগতে পঢ়কঃঅসমত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক'ভিড প্ৰতিষেধক