অসম

assam

ETV Bharat / state

একেবাৰে নিচিহ্ন হোৱাৰ পথত খোৱাঙৰ বৰবিল - খোৱাঙৰ ঐতিহাসিক বৰবিল

বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই আজি নিঃশেষ হোৱাৰ পথত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ঐতিহাসিক বৰবিল ৷ পৰিভ্ৰমীৰ চৰাইৰ বিচৰণ স্থলী আছিল খোৱাঙৰ এই বৰ বিল ৷

একেবাৰে নিচিহ্ন হোৱাৰ পথত খোৱাঙৰ বৰবিল
একেবাৰে নিচিহ্ন হোৱাৰ পথত খোৱাঙৰ বৰবিল

By

Published : May 24, 2021, 3:54 PM IST

মৰাণ, 24 মে' : ডিব্ৰুগড় জিলাৰ খোৱাং ঐতিহাসিক বুঢ়ীদিহিং মথাউৰিৰ কাষতে অৱস্থিত পৰিভ্ৰমী পখী বিচৰণৰ স্থলী বৰবিল আজি অস্থিত্ব সংকটত । খোৱাং আৰক্ষী থানাৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত অৱস্থিত বৰবিল বৰ্তমান ধ্বংসৰ গৰাহত ।

অভিযোগ অনুসৰি পৰ্যটনৰ বাবে সাম্ভাব্যস্থলী এই বৰবিলখন বন বিভাগে সংৰক্ষণত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত কাষৰীয়া কিছু লোকে বিলৰ ভূমি দখল কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ ফলত পূৰ্বৰ দৰে এই বৰবিলত বিভিন্ন প্ৰজাতিৰ পক্ষী বিচৰণ কৰা দেখ নাযায় । বিলৰ পাৰত থকা গছ-গছনি সমূহো এতিয়া ধ্বংসৰ গৰাহত ৷

একেবাৰে নিচিহ্ন হোৱাৰ পথত খোৱাঙৰ বৰবিল

বিগত কেইবছৰ মান আগলৈকে বৰবিল খনৰ সুৰক্ষাৰ বাবে বন বিভাগৰ এটা কাৰ্যালয় আছিল যদিও বৰ্তমান সেই সকলো কাৰ্যালয়টোও জৰাজীৰ্ণ অৱস্থাত পৰি আছে ৷ চৰকাৰী বিষয়া সমূহে বৰবিলৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলত কম দিনৰ ভিতৰতে ঐতিহাসিক বৰবিল নিচিহ্ন হ'ব বুলিও এতিয়া বহুতে দাবী কৰিছে । ঐতিহাসিক বৰবিল সংৰক্ষণৰ বিষয়টো নতুন চৰকাৰক হস্তক্ষেপ কৰিবলৈ খোৱাঙৰ সচেতন ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক: অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই

ABOUT THE AUTHOR

...view details