মৰাণ, 12 জুলাই : সংৰক্ষণ অভাৱ তথা পুৰাতত্ব বিভাগৰ লগতে ৰাজ্যৰ পৰ্যটন বিভাগৰ অৱহেলাৰ বাবেই বৰ্তমান বহু ৰজাদিনীয়া সম্পদ সময়ৰ বুকুত শেষ হৈ যোৱাৰ উপক্ৰম হৈছে ৷ যি সময়ত ৰাজ্যৰ পৰ্যটন বিভাগটোক অধিক শক্তিশালী কৰাত তথা আগুৱাই নিয়াত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে সেই সময়তে বিভাগীয় গুৰুত্বহীনতাৰ বাবে একেবাৰে চিনছাপ নাইকিয়া হৈছে ঐতিহাসিক বহু কৰ্তীচিহ্ন ৷ বিশেষকৈ শিৱসাগৰৰ দৰে ডিব্ৰুগড় জিলাতো আহোম যুগৰ এনে বহু সম্পদ আছে যিয়ে আজিকোপতি সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব লাভ কৰা নাই ৷
ৰাজ্য চৰকাৰৰ বিয়াগোম পুৰাতত্ত্ব বিভাগ (Archaeology Department) আছে যদিও এই বিভাগৰ দৃষ্টি পৰা নাই ডিব্ৰুগড় মৰাণৰ লেঙেলীৰ ঐতিহাসিক আঘোণীবাৰী পুখুৰীত । ফলত মৰাণৰ লেঙেলীৰ ঐতিহাসিক আঘোণীবাৰী পুখুৰীটোৰ অস্তিত্ব আজিৰ দিনত একেবাৰে নাই বুলি ক'লেও ভুল কোৱা নহ'ব ৷ ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত তথা আঘোণীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ গাতে লাগি আছে আঘোণীবাৰী পুখুৰীটো ৷
দলনি হ'ল ঐতিহাসিক আঘোণীবাই পুখুৰী উল্লেখ্য যে, কোনো ছপা বুৰঞ্জীত আঘোণীবাই পুখুৰীটোৰ কথা উল্লেখ নাই যদিও আহোম যুগৰ কিছু সংখ্যক হাতে লিখা পুঁথিত এই পুখুৰীটো কথা লিপিবদ্ধ আছে বুলি সদৰি কৰিছে স্থানীয় লোকে ৷ স্থানীয় একাংশ সচেতন লোকে জানিবলৈ দিয়া অনুসৰি প্ৰায় 1680 চনতে স্বৰ্গদেউ গদাধৰ সিংহই আঘোণীবাইৰ নামত খান্দোৱাইছিল এই পুখুৰীটো ৷
পুখুৰীটো সংৰক্ষণ তথা ছাফ-চিকুনৰ অভাৱতে এলাগী হৈ পৰি ৰোৱাত স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে । প্ৰায় আঢ়ৈ বিঘা মাটিকালিৰে আৱৰি থকা ঐতিহাসিক পুখুৰীটোৱে স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বহন কৰি আহিছে যদিও পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ টিংখাং সমষ্টিৰ স্থানীয় বিধায়ক তথা পৰ্যটন মন্ত্ৰী বিমল বৰাক (Bimal Bora) ঐতিহাসিক পুখুৰীটো সংৰক্ষণ কৰাৰ লগতে সৌন্দৰ্যবৰ্ধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে লেঙেৰীৰ সচেতন ৰাইজে ৷
লগতে পঢ়ক: গণ সংক্ৰমণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট