অসম

assam

ETV Bharat / state

নাপুক চাহ বাগিছাত ব্ৰিটিছ মহিলাৰ সমাধিস্থলী ভাঙিলে দুৰ্বৃত্তই - সোণাৰিৰ নাপুক চাহ বাগিছাত চাঞ্চল্যকৰ ঘটনা

সোণাৰিৰ নাপুক চাহ বাগিছাত থকা ঐতিহাসিক সমাধিস্থলী ভাঙিলে কোনো দুৰ্বৃত্তই (Miscreants break a British woman cemetery in Sonari)। সমাধিটো আছিল লিলিয়ান কেথলীন ইমৰেই নামৰ এগৰাকী ব্ৰিটিছ মহিলাৰ । চাহ বাগিছা কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ।

Napuk
নাপুক চাহ বাগিছাত ব্ৰিটিছ মহিলাৰ সমাধিস্থলী ভাঙিলে দুৰ্বৃত্তই

By

Published : May 27, 2022, 2:01 PM IST

Updated : May 27, 2022, 3:26 PM IST

মৰাণ, ২৭ মে' :সোণাৰিৰ নাপুক চাহ বাগিছাত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Napuk tea garden)। বাগিছাখনত থকা ব্ৰিটিছ শাসনকালৰে সমাধিস্থলী ভাঙি পেলালে কোনো দুৰ্বৃত্তই (Historic cemetery destroyed in Napuk tea garden)। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চাহ বাগিছাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

তথ্য অনুসৰি লিলিয়ান কেথলীন ইমৰেই নামৰ এগৰাকী ব্ৰিটিছ মহিলাক নাপুক চাহ বাগিছাত ১৯০৯ চনতে সমাধিস্থ কৰা হৈছিল । ১৯০৯ চনৰ ২০ জুলাইত দেহাৱসান ঘটা ব্ৰিটিছ মহিলাগৰাকীৰ সমাধিস্থলী দীৰ্ঘদিন ধৰি বাগিছাখনতে সংৰক্ষিত হৈ আছিল । কিন্তু শেহতীয়াকৈ সেই ব্ৰিটিছ মহিলাগৰাকীৰ সমাধিস্থলী দুৰ্বৃত্তই ভাঙি পেলোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাহ বাগিছাখনত ।

নাপুক চাহ বাগিছাত ব্ৰিটিছ মহিলাৰ সমাধিস্থলী ভাঙিলে দুৰ্বৃত্তই

মন কৰিবলগীয়া যে, ব্ৰিটিছ যুগৰ স্মৃতি বিজড়িত এই সমাধিস্থলী পৰিদৰ্শন তথা অধ্যয়নৰ বাবে বিভিন্ন সময়ত চাহ বাগিছাখনলৈ গৱেষক আৰু পৰ্যটকৰ আগমন হয় । তেনে স্থলত ইতিহাসৰ এক অংশ হিচাপে বিবেচিত এই সমাধিস্থলী কোনো দুৰ্বৃত্তই ভাঙি পেলোৱাত নাপুক চাহ বাগিছা আৰু স্থানীয় লোকসকল চিন্তিত হৈছে । ইতিমধ্যে বিষয়টো সন্দৰ্ভত কৰ্তৃপক্ষই চফ্ৰাই আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে । চফ্ৰাই আৰক্ষীয়েও বিষয়টো গুৰুত্ব সহকাৰে লৈ ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :সামাজিক মাধ্যমত আলফাক সমৰ্থন কৰি বিপদত লখিমপুৰৰ যুৱক

Last Updated : May 27, 2022, 3:26 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details