মৰাণ, ১২ জানুৱাৰী :যোৱা ৮ জানুৱাৰীত কৰিমগঞ্জৰ বাজাৰিচেৰাত বজৰং দলৰ (Bajrang Dal) কৰ্মী শম্ভূ কৈৰীক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ ৰাজ্য়ৰ বিভিন্ন স্থানত অব্য়াহত আছে (Shambhu Koiri murder in Karimganj)। ইতিমধ্য়ে এই ঘটনাই ৰাজ্য়ত জোঁকাৰণিৰ সৃষ্টি কৰিছে । ডিব্ৰুগড়তো বুধবাৰে নিশা হিন্দু ক্ৰান্তি দলে এই ঘটনাৰ প্ৰতিবাদ জনায় । বজৰংগী শম্ভূ কৈৰীৰ হত্যাত অভিযুক্ত ছেলিম উদ্দিনৰ ফাঁচীৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই হিন্দু ক্ৰান্তি দলৰ জিলা সমিতিয়ে (Hindu Kranti Dal protest at Dibrugarh)।
হিন্দুৰ ওপৰত আক্ৰমণ কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে হিন্দু ক্ৰান্তী দলৰ কৰ্ম-কৰ্তাসকলে । ইপিনে, বুধবাৰে নিশাৰ ভাগত অনুষ্ঠিত হোৱা এক প্ৰতিবাদী সভাত ডিব্ৰুগড় জিলাৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে হিন্দুসকলৰ সুৰক্ষাৰ দাবী জনায় চৰকাৰক (Hindu Kranti Dal demand for security of Hindus) । আইনী প্ৰক্ৰিয়া দীঘলীয়া নকৰি অতি সোনকালে অভিযুক্ত ছেলিম উদ্দিনক ফাঁচী দিবলৈ প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰিছে । তেওঁলোকে এয়া এক পৰিকল্পিত হত্য়াকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ।