ডিব্ৰুগড়,২৫ ডিচেম্বৰ:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRC ৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী হোৱাৰ তথ্য উন্মোচিত কৰিছে 'কেগ'ৰ প্ৰতিবেদনে (CAG report on NRC) । অসম বিধানসভাৰ শীতকালিন অধিৱেশন শনিবাৰে অন্তিম দিনাৰ সদনত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদন উত্থাপন কৰা হয় (Comptroller and Auditor General of India) । এই প্ৰতিবেদনত NRC ৰ বহু বিসংগতি ধৰা পেলোৱাৰ লগতে বৃহৎ কেলেংকাৰী(Scam in NRC project) হোৱাৰ তথ্য উন্মোচিত হোৱাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।
NRC ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি কেগৰ প্ৰতিবেদনত প্ৰকাশ হোৱাৰ পাছতে ডিব্ৰুগড়ত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে NRC ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা চৰ্চা চলি থকাৰ পাছতেই কেগক প্ৰতিবেদন বিচৰা হৈছিল কিন্তু কেগে ৰাজ্য চৰকাৰক প্ৰতিবেদন দিয়া নাছিল । ৰাজ্য চৰকাৰে কেগৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই ব্যাৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sharma reacts on NRC scam)।
উল্লেখ্য যে, 'কেগ'ৰ প্ৰতিবেদনত প্ৰায় ২৬০ কোটি টকাৰ খেলিমেলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । প্ৰতিবেদন অনুসৰি এন আৰ চিৰ কামত আউটচৰ্চ কৰা কৰ্মচাৰীসকলক মুঠ ৬৭.১৪ কোটি টকা পৰ্যন্ত মজুৰিৰ পৰা বঞ্চিত কৰা হৈছিল । অৰ্থাৎ কৰ্মচাৰীসকলক নিৰ্ধাৰিত মজুৰতকৈ কম মজুৰি দিয়া হৈছিল । আনহাতে এন আৰ চিৰ (National Register of Citizens project) বিভিন্ন কামত অতিৰিক্ত ব্যয় কৰা হৈছিল ।