ডিব্ৰুগড়, ১৪ আগষ্ট:দিল্লীৰ দৰে ডিব্ৰুগড়ৰ প্ৰতিটো বিধানসভা সমষ্টিত হাই মাষ্ট ত্ৰিৰংগা স্থাপনৰ উদ্যোগ লৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও সমষ্টিত ইতিমধ্যে এই স্থায়ী হাই মাষ্ট ত্ৰিৰংগা স্থাপন সম্পূৰ্ণ কৰা হৈছে । দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেওবাৰে আবেলি মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত এখনি সুউচ্চ ত্ৰিৰংগা উত্তোলন কৰে ডিব্ৰুগড়ৰ সাংসদ তথা পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷
উল্লেখ্য় যে অইল ইণ্ডিয়া লিমিটেডৰ ১৮ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা হৈছে এই সুউচ্চ ত্ৰিৰংগা । পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৯ টা বিধানসভা সমষ্টিতে এনে সুউচ্চ ত্ৰিৰংগাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে যিকেইটা অনুষ্ঠানে প্ৰতিটো সমষ্টিত এই হাই মাষ্ট ত্ৰিৰংগা স্থাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ।
উক্ত উদ্বোধনী সভাত ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস,মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ,মৰাণ অইল ইণ্ডিয়াৰ মুখ্য প্ৰৱন্ধক উৎপল কুমাৰ দলে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷