অসম

assam

ETV Bharat / state

ডিব্ৰুগড় আৰক্ষীৰ জালত হেৰ'ইন সহ চাৰি সৰবৰাহকাৰী

ডিব্ৰুগড়ৰ আৰক্ষীয়ে মঙলবাৰে ড্ৰাগছ বিৰোধী এক অভিযান চলাই ৮০ গ্ৰাম হেৰ'ইন জব্দ কৰিবলা সক্ষম হয় । ডিব্ৰুগড়ৰ জগনাথ মন্দিৰ সমীপৰ পৰা আৰক্ষীয়ে হেৰ'ইনখিনি জব্দ কৰা লগতে চাৰিজন সৰবৰাহকাৰীকো আটক কৰে ৷

By

Published : Feb 23, 2021, 10:27 PM IST

heroin-seize-by-dibrugarh-police
ডিব্ৰুগড় আৰক্ষীৰ জালত হেৰ'ইন সহ চাৰি সৰবৰাহকাৰী

ডিব্ৰুগড়, 23 ফেব্ৰুৱাৰী : ডিব্ৰুগড়ৰ আৰক্ষীয়ে মঙলবাৰে ড্ৰাগছ বিৰোধী এক অভিযান চলাই ৮০ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ।ডিব্ৰুগড়ৰ জগনাথ মন্দিৰ সমীপৰ পৰা আৰক্ষীয়ে হেৰ'ইনখিনি জব্দ কৰা লগতে চাৰিজন সৰবৰাহকাৰীকো আটক কৰে ৷

আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, এক গোপন সূত্ৰৰ পম খেদি AS-01M-0178 নম্বৰ এখন বাহনত হেৰ'ইন খিনি কঢ়িয়াই আনি থকাৰ অৱস্থাত সৰবৰাহকাৰী কেইজনক আটক কৰে আৰক্ষীয়ে । সৰবৰাহকাৰী কেইজনৰ নাম ক্ৰমে শৰৎ শইকীয়া, উদ্দিপ্ত বৰা, নিকী শইকীয়া আৰু টুটু আলি ৷

উল্লেখ্য যে, ডিব্ৰুগড় সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া, নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিং, গাভৰু পথাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল ৷

লগতে পঢ়ক: সৰভোগত নিৰ্বাচন খেলিবলৈ লাজ কৰিছে ৰনজিৎ দাসে !

ABOUT THE AUTHOR

...view details