অসম

assam

By

Published : Oct 1, 2021, 9:36 PM IST

ETV Bharat / state

থাওৰাত উপ-নিৰ্বাচন বৰ্জন কৰিব গো-পালক সকলে

থাওৰা সমষ্টিৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তৰ দলপা, বালিকুৰ, শামুকজান, মিলনকুৰ আদি গাঁৱৰ প্ৰায় ১০০ ৰো অধিক গো-পালক কুমলীয়া চাপৰিত সমবেত হৈ, গো-সুৰক্ষা আইন-২০২১ ৰ বিৰোধিতা কৰাৰ লগতে আইনখন বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

থাওৰাৰ উপ-নিৰ্বাচন বৰ্জন কৰিব গো-পালক সকলে
থাওৰাৰ উপ-নিৰ্বাচন বৰ্জন কৰিব গো-পালক সকলে

মৰাণ, 1 অক্টোবৰ : থাওৰা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে চলে বলে কৌশলে নিজৰ প্ৰাৰ্থী গৰাকীক বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তে সমষ্টিটোৰ এটা অঞ্চলত চহা জীৱনেৰে জীয়াই থকা একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

থাওৰাৰ উপ-নিৰ্বাচন বৰ্জন কৰিব গো-পালক সকলে

এই লোক সকলৰ এটাই মন্তব্য গো-আইন বাতিল কৰক নতুবা গো-পালক সকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক । উল্লেখযোগ্য যে, থাওৰা সমষ্টিৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তৰ দলপা, বালিকুৰ, শামুকজান, মিলনকুৰ আদি গাঁৱৰ প্ৰায় ১০০ ৰো অধিক গো-পালক কুমলীয়া চাপৰিত সমবেত হৈ, এই গো-সুৰক্ষা আইন-২০২১ ৰ বিৰোধিতা কৰাৰ লগতে আইনখন বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

চৰকাৰে গো-পালক সকলৰ কথা চিন্তা নকৰিলে আগন্তুক উপ-নিৰ্বাচনত অঞ্চলটোৰ হাজাৰ হাজাৰ গো-পালকে আগন্তুক উপ-নিৰ্বাচন বৰ্জন কৰিবলৈ বাধ্য হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে ।

প্ৰতিবাদস্থলীত হৰেশ্বৰ য়েইন, ডিম্বেশ্বৰ টায়ে, বিধান পাংগিং, পৰেশ মিলি, হেমনাথ লাচন,ৰত্নেশ্বৰ মিলি, কেশৱ টায়ে, দিবাকৰ মিলি, জয়কুমাৰ বড়িকে ধৰি শতাধিক চৰকাৰী স্বীকৃতি প্ৰাপ্ত গো-পালক উপস্থিত থাকি ৰাজ্য চৰকাৰৰ এই গো- সুৰক্ষা আইন বাতিল কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়কঃ বেদখলৰ ৰম্যভূমিলৈ পৰিণত হৈছে শোণিতপুৰৰ বৰচলা সমষ্টি

ABOUT THE AUTHOR

...view details