অসম

assam

ETV Bharat / state

খহনীয়াত ক্ষতিগ্ৰস্তক তিৰ্পাল দি দায়িত্ব সামৰিলে ডিব্ৰুগড় প্ৰশাসনে

গৰাখহনীয়াত আশ্ৰয়হীন হোৱা চাবুৱাৰ ৰংমলা গাঁৱৰ 40 টাকৈ পৰিয়ালক এখন টিৰ্পাল দিয়েই দায়িত্ব সামৰিছে প্ৰশাসনে ৷ গৰাখহনীয়াৰ আশংকাৰে আপোন ঘৰখন ভাঙি বয়-বস্তুসমূহ উলিয়াই আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিছে এইসকল লোকে ৷

erosion in rangmala village
ৰংমালা গাঁওবাসীক তিৰ্পাল প্ৰদান

By

Published : May 26, 2021, 2:28 PM IST

মৰাণ,26 মে’ : ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই পুনৰ ভাবুকি কঢ়িয়াই আনিছে চাবুৱাৰ ৰংমলা গাঁৱলৈ । বিগত বৰ্ষত 90 টাতকৈ অধিক পৰিয়ালে ব্ৰহ্মপুত্ৰৰ খহনীয়াত আপোন ঘৰ-মাটি সকলো হেৰুৱাই ৰাইডাং অঞ্চলত বসবাস কৰি আছিল ৷

ৰংমালা গাঁৱত গৰাখহনীয়া

এইবেলি পুনৰ খহনীয়াত নিচিহ্ন হোৱাৰ দিশে গতি কৰিছে অঞ্চলটো ৷ ইয়াৰ ফলস্বৰূপে 40 টাতকৈ অধিক পৰিয়ালে এতিয়া আপোন ঘৰখন ভাঙি বয়-বস্তুসমূহ উলিয়াইছে যদিও আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

ৰংমালা গাঁওবাসীক তিৰ্পাল প্ৰদান

ইফালে ৰংমালা গাঁৱত গৰাখহনীয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা 40 টাকৈ পৰিয়ালক জিলা প্ৰশাসনৰ হৈ চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত একোখনকৈ তিৰ্পাল প্ৰদান কৰা হৈছে । এতিয়া প্ৰশ্ন সৃষ্টি হৈছে, গৰাখহনীয়াত সৰ্বস্ব হেৰুওৱা ৰংমালা গাঁৱৰ ৰাইজক এখনকৈ তিৰ্পাল দিয়েই দায়িত্ব সামৰিব নেকি চৰকাৰ তথা প্ৰশাসনে ? নতুন চৰকাৰৰ উন্নয়নৰ আঁচনিসমূহে ঢুকি পাবনে ৰংমালা গাঁৱৰ ৰাইজক ?

ৰংমালা গাঁওবাসীক তিৰ্পাল প্ৰদান

লগতে পঢ়ক :ক’ভিডেৰে যুঁজি অৱশেষত হাৰ মানিলে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে

ABOUT THE AUTHOR

...view details