মৰাণ, ২ এপ্ৰিল:বৃহস্পতিবাৰে নিশা প্ৰচণ্ড ধুমুহা বতাহে ডিব্ৰুগড় জিলাৰ মৰাণত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় । ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত হাটখোলা গাঁৱত নিশা অহা এজাক ধুমুহা বতাহে গাঁওখনৰ কেবাটাও বাসগৃহৰ লগতে ডিব্ৰুগড়ৰ ভিন্ন অঞ্চল ভাঙি বিস্তৰ ক্ষতি কৰে ।
জানিব পৰা মতে, ডিব্ৰুগড় হাটখোলাত কোনোমতে, পেট প্ৰৱৰ্তাই খোৱা সাধন দত্তৰ লগতে বহু কেইজনৰ ঘৰ ধুমুহাত সম্পূৰ্ণ ৰূপে ভাঙি-ছিঙি ধ্বংস হয় । কোনোমতে প্ৰাণ ৰক্ষা পৰে একাংশ লোকৰ । এতিয়া এইসকল লোকৰ বিপৰ্যয় অৱস্থা । কেনেকৈ চলিব এইসকল খাতি খোৱা লোক ।