অসম

assam

By

Published : Aug 28, 2021, 4:57 PM IST

ETV Bharat / state

পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যক কেন্দ্ৰ কৰি উত্তপ্ত লাহোৱাল থানা

ডিব্ৰুগড়ৰ লাহোৱাল থানাত উত্তপ্ত পৰিস্থিতি ৷ দুৰ্ঘটনাত নিহত মহিলাৰ পৰিয়ালবৰ্গই থানা ঘেৰাও কৰি সৃষ্টি কৰি উত্তপ্ত পৰিস্থিতি ৷ পৰিয়ালৰ অভিযোগ এইয়া দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড ৷

A_Moran_8013to8021_Warm Situation at Lahowal Police station_As10031
পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যক কেন্দ্ৰ কৰি উত্তপ্ত লাহোৱাল থানা

মৰাণ, 28 আগষ্ট : মোহনবাৰী জেমছন তিনিআলি সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চানফেষ্ট ধাবাৰ সন্মুখত যোৱা মঙলবাৰে এগৰাকী মহিলাৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল৷ কিন্তু দুৰ্ঘটনাত নিহত প্ৰণীতা গন্ধীয়া নামৰ মহিলাগৰাকীৰ অভিযোগ এইয়া দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড ৷

লাহোৱাল থানা

পৰিয়ালৰ অভিযোগ প্ৰতিদিনে প্ৰণীতা আৰু তেওঁৰ স্বামীয়ে মোহনবাৰী জেমছন তিনিআলিত থকা দোকানৰ পৰা সন্ধিয়া 7 বজাৰ লগে লগে ঘৰলৈ ওভতে ৷ কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনটোত 6 বজাৰ সলনি দুঘন্টা পলমলৈ দুয়ো স্বামী-স্ত্ৰী ঘৰলৈ উভতিছিল ৷

পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যক কেন্দ্ৰ কৰি উত্তপ্ত লাহোৱাল থানা

৯ বছৰ পূৰ্বে লাহোৱালৰ পাত্ৰ গাঁৱৰ মুনীন্দ্ৰ বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল প্ৰণীতা ৷ কিন্তু মুনীন্দ্ৰ বৰাই ২০১৬ চনত পুনৰ দ্বিতীয় বিবাহ কৰায় ৷ সমাজে মুনীন্দ্ৰৰ দ্বিতীয় বিবাহক স্বীকৃতি নিদিয়াৰ লগতে আপত্তি কৰাত প্ৰথমা পত্নী প্ৰণীতাক উভতাই আনে আৰু ভৱিষ্যতে পত্নীক অত্যাচাৰ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে । কিন্তু ইয়াৰ পিছতো মাজে মাজে প্ৰণীতাৰ ওপৰত অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ তুলিছে আত্মীয়ই ৷

পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যক কেন্দ্ৰ কৰি উত্তপ্ত লাহোৱাল থানা

প্ৰণীতাক স্বামীয়ে পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ তুলি লাহোৱাল থানাৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নিহত প্ৰণীতাৰ পৰিয়ালবৰ্গই ৷ ইয়াকে লৈ দুয়ো পক্ষৰ মাজত সৃষ্টি হয় খণ্ডযুদ্ধ ।

আনহাতে, প্ৰণীতাৰ পৰিয়ালে ঘটনা সন্দৰ্ভত এজাহাৰ দিবলৈ যোৱাৰ সময়ত লাহোৱাল আৰক্ষীয়ে অভব্য আচৰণ কৰাৰ অভিযোগ তুলিছে । প্ৰণীতাৰ পৰিয়ালৰ এই অভিযোগক নস্যাৎ কৰিছে মুনীন্দ্ৰৰ পৰিয়ালে ৷ এই দুৰ্ঘটনা কোনো কাৰণতে পৰিকল্পিত হত্যাকাণ্ড হ'ব নোৱাৰে বুলি দাবী কৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ কথা প্ৰকাশ কৰিছে মুনীন্দ্ৰৰ ভাতৃয়ে ।

পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যক কেন্দ্ৰ কৰি উত্তপ্ত লাহোৱাল থানা

আৰক্ষীৰ মতে, ডিব্ৰুগড়ৰ এখন হাস্পতালৰ পৰা মৃতদেহ আনিবলৈ বুলি যোৱা এখন এম্বুলেঞ্চে ধাবাৰ সন্মুখত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । উক্ত দুৰ্ঘটনাত প্ৰণীতাৰ স্বামী মুনীন্দ্ৰও আঘাতপ্ৰাপ্ত হৈ এ এম চিত চিকিৎসাধীন হৈ আছে । সম্প্ৰতি বাহনখনত থকা চালক ভাৰত পালেশ্বৰ, সুমন নাইক আৰু মদন পাটনায়কক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধৃত লোককেইজন ৰাইডাং চাহ বাগিচাৰ ৮ নং পকা লাইনৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ডিব্ৰুগড়ত উত্তৰ-পূৱৰ দ্বিতীয়টো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প মুকলি

ABOUT THE AUTHOR

...view details