অসম

assam

ETV Bharat / state

মৰাণত আন্তঃ জিলা ভ্ৰমণ কৰা লোকসকলক স্বাস্থ্য পৰীক্ষা - Health department check up

গৃহ জিলালৈ যোৱাৰ অনুমতি পালেও স্বাস্থ্য বিভাগে এই লোকসকলৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে ৷ 25 তাৰিখৰ পৰা যোৰহাট,শিৱসাগৰ,আদি জিলাৰ পৰা ডিব্ৰুগড়,তিনিচুকীয়া,ধেমাজি আদি জিলালৈ ৰাজ্যিক পৰিবহন বিভাগৰ বাছ যোগে যাত্ৰা কৰিছে এনেদৰে আবদ্ধ হৈ থকা বহু লোকে ৷

Health department check up all the inter district passenger at Moran
মৰাণত আন্তঃ জিলা ভ্ৰমণ কৰা লোকসকলক স্বাস্থ্য পৰীক্ষা

By

Published : Apr 27, 2020, 11:46 AM IST

মৰাণ, 27 এপ্ৰিল: লক ডাউনৰ ফলত অন্য জিলাত আবদ্ধ হৈ থকা সকলৰ বাবে বিশেষ ব্যৱস্থা কৰিছে চৰকাৰে ৷ 25 এপ্ৰিল পৰা 27 এপ্ৰিললৈ তিনিদিন আন্তঃ জিলা ভ্ৰমণ মুকলি কৰিছে অসম চৰকাৰে ৷ ইতিমধ্যে যিসকল লোক লক ডাউনৰ বাবে অন্য জিলাত চাকৰি সন্দৰ্ভতে হওক বা অন্য কাৰণতে আবদ্ধ হৈ আছিল সেই সকলক চৰকাৰী নীতি নিয়মৰ মাজেৰে গৃহ জিলালৈ যোৱাৰ ব্যৱস্থা কৰি দিছে চৰকাৰে ৷ কিন্তু গৃহ জিলালৈ যোৱাৰ অনুমতি পালেও স্বাস্থ্য বিভাগে এই লোক সকলৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে ৷ 25 তাৰিখৰ পৰা যোৰহাট,শিৱসাগৰ আদি জিলাৰ পৰা ডিব্ৰুগড়,তিনিচুকীয়া,ধেমাজি আদি জিলালৈ ৰাজ্যিক পৰিবহন বিভাগৰ বাছ যোগে যাত্ৰা কৰিছে এনেদৰে আবদ্ধ হৈ থকা বহু লোকে ৷ সেই লোকসকলক মৰাণত ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য বিভাগে এক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতহে নিৰ্দিষ্ট স্থানলৈ যাবলৈ দিয়ে |

মৰাণত আন্তঃ জিলা ভ্ৰমণ কৰা লোকসকলক স্বাস্থ্য পৰীক্ষা

উল্লেখ্য যে 25 আৰু 26 এপ্ৰিলৰ দিন দুটাত কেইবা শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰে স্বাস্থ্য বিভাগে ৷ ইয়াৰ মাজতে সমগ্ৰ পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ শনিবাৰে সন্ধিয়া মৰাণ স্বাস্থ্য বিভাগৰ অস্থায়ী শিবিৰত উপস্থিত হয়হি চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া ৷ উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে যে,চৰাইদেউ জিলাত প্ৰায় 1431 গৰাকী অন্য জিলাৰ লোক আছিল আৰু তেওঁলোকক নিজৰ জিলালৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে যিসকল লোক অন্য জিলাৰ পৰা চৰাইদেউ জিলালৈ আহিছে তেওঁলোক হমকুৱাৰেন্টাইনত থাকিবলৈ অনুৰোধ জনায় উপায়ুক্ত গৰাকীয়ে ৷ লগতে চৰাইদেউ জিলাত মুঠ 5 টা অস্থায়ী স্বাস্থ্য শিবিৰ স্থাপন কৰা বুলি তেওঁ জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে । লগতে তেওঁ কয় যে, চৰাইদেউ জিলাত কোনো ধৰণৰ লক ডাউন শিথিল হোৱা নাই পূৰ্বৰ নীতি নিয়মৰ মতে সকলো কাম কাজ কৰিব লাগিব ৷ চৰকাৰ পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত সকলো লোকে লক ডাউনৰ নিময় সমূহ পূৰ্বৰ দৰেই মানিব লাগিব ৷ উল্লেখ্য যে দৰিদ্ৰজনলৈ দিয়া চৰকাৰী সাহাৰ্যত যি সকলে অনিয়ম সংঘটিত কৰিছে তেওঁলোকৰ ওপৰত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰিছে চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই ৷

লগতে পঢ়কঃ কোভিড-19 : বঙাইগাঁৱত হোম কোৱাৰেণ্টাইনত এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details