মৰাণ, 14 মে’ :ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এখন বিদ্যালয়ৰ এজন প্ৰধান শিক্ষকৰ ওপৰত সৰৱ হৈছে সচেতন মহল (Headmaster of school in controversy ) । বিতৰ্কৰ কেন্দ্ৰত আছে টিপাম এল পি স্কুলৰ প্ৰধান শিক্ষক অজিত খনিকৰ । বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ দুগৰাকী কনমানি ছাত্ৰ-ছাত্ৰীক শাৰীৰিক প্ৰহাৰ (Alleged physical assault on students) কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা ঘটনাই এতিয়া চচিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।
বিদ্যালয়ত উপস্থিত নথকা বাবেই দুয়োগৰাকী শিক্ষাৰ্থীক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে নিৰ্মম অত্যাচাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সম্পাদক তথা বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ এই কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Teacher from Naharakatia in trouble)। কেৱল এয়াই নহয় প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ত সৰ্বাধিক সময় অনুপস্থিত থকাৰ অভিযোগো উত্থাপন কৰিছে অভিভাৱক সকলে ।