চাফাই কৰ্মীৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড় - municipality
কুম্ভমেলাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাফাই কৰ্মী ভৰি ধুৱাই দিয়াৰ দৃশ্য হয়তো আপুনি দেখিছিল ৷ কিন্তু এইবাৰ এইখন অসমত নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ পৰা বঞ্চিত চাফাই কৰ্মীয়ে ল’ব লগা হ’ল প্ৰতিবাদী কাৰ্যসূচী ৷
ডিব্ৰুগড়, 28 মাৰ্চঃ ডিব্ৰুগড়ত প্ৰাপ্য বিচাৰি চাফাই কৰ্মীৰ আন্দোলন ৷ বৃহস্পতিবাৰে নিজৰ প্ৰাপ্য আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ ৰাজপথ উত্তাল কৰি তোলে চাফাই কৰ্মীসকলে ৷ উল্লেখ্য যে, 19 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হোৱাৰ লগতে ডিব্ৰুগড় পৌৰসভাৰ পূৰ্বৰ 69 জন কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ নকৰাকৈ গোপনে নতুন লোকক নিযুক্তি দিয়াৰ বিয়াগোম কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ অৱশেষত এনে শোষণ আৰু নিষ্পেষণৰ বিৰুদ্ধে চাফাই কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মোডীয়ে চাফাই কৰ্মীক ভৰি ধোৱা কাৰ্যক ভেকো-ভাওনা বুলি আখ্যা দিয়ে চাফাই কৰ্মীসকলে ৷ ইফালে , চৰকাৰ আৰু বিভাগে এইসকল কৰ্মীক অত্যাচাৰ চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰ্মীসকলে ৷ দুখীয়া বাবেই দীৰ্ঘদিন ধৰি অৱহেলিত আৰু বঞ্চিত হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে চাফাই কৰ্মীসকলে ৷ এতিয়া প্ৰশ্ন হয় এইসকল চাফাই কৰ্মীৰ প্ৰতিবাদৰ ভাষা বুজিবলৈ সক্ষম হ’বনে ডিব্ৰুগড় পৌৰসভা কৰ্তৃপক্ষ ৷