অসম

assam

By

Published : Jun 29, 2022, 10:28 PM IST

ETV Bharat / state

HS result 2022 : উপায়ুক্ত কাৰ্যালয়ত ডিব্ৰুগড়ৰ পাঁচগৰাকী কৃৰ্তী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলিল ডিব্ৰুগড়ৰ পাঁচগৰাকী ছাত্ৰী (HS result 2022) ৷ ৰাজ্যৰ ভিতৰতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা শিক্ষাৰ্থীক কেইগৰাকীক ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Felicitation program held at DC Office in Dibrugarh) ৷

HS result 2022
উপায়ুক্ত কাৰ্যালয়ত ডিব্ৰুগড়ৰ পাঁচগৰাকী কৃৰ্তী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

মৰাণ, 29 জুন :সোমবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল (HS result 2022) । সদস্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ৰ চাৰিগৰাকী ছাত্ৰীয়ে ৰাজ্যখনৰ শীর্ষ দহৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । ৰাজ্যখনৰ ভিতৰতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা শিক্ষাৰ্থীক ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰে জিলা প্ৰশাসন (Felicitation program held at DC Office in Dibrugarh)।

উপায়ুক্ত কাৰ্যালয়ত ডিব্ৰুগড়ৰ পাঁচগৰাকী কৃৰ্তী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

ডিব্ৰুগড় চল্টব্ৰুক একাডেমীৰ অলংকৃতা গৌতম বৰুৱাই বিজ্ঞান শাখাত দ্বিতীয় স্থান আৰু বিজ্ঞান শাখাৰ পৰাই আইমন ছৈয়ৱে পঞ্চম স্থান, ডিব্ৰুগড় আমোলাপট্টিস্থিত আৰ কে জুনিয়ৰ কলেজৰ পৰা অন্তৰিক্ষা মজুমদাৰে বিজ্ঞানত দশম স্থান, অভিলাষা দত্তই বিজ্ঞানত ষষ্ঠ স্থান লাভ কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :ডিব্ৰুগড় দেশৰ ভিতৰতে ভাল এডুকেশ্ব'নেল হাব্ হ’ব: প্ৰশান্ত ফুকন

বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এই কৃৰ্তী ছাত্ৰী কেইগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে জিলা প্ৰশাসনে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেটাংক মিশ্ৰ, জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগতে ডিব্ৰুগড়ৰ বহু কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে কৃৰ্তী ছাত্ৰীকেইগৰাকীৰ অভিভাৱকসকল । কৃৰ্তীমান ছাত্ৰী কেইগৰাকী ফুলাম গামোচা, শৰাই আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে জিলা প্ৰশাসনে ।

এই অনুষ্ঠানতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে মত-বিনিময়ো কৰে ।

লগতে পঢ়ক :কোকৰাঝাৰ ইউ এন একাডেমীত কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

ABOUT THE AUTHOR

...view details