মৰাণ,৬ মাৰ্চ: ডিব্ৰুগড়ৰ চাবুৱাত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদৰ কৰ্মীসকলৰ মাজত । কিয়নো মিত্ৰজোঁটৰ বিজেপিয়ে এইবাৰ ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টি এৰি দিছে অগপ । অগপ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে অগপ নেতা পোনাকণ বৰুৱাই । নেতাগৰাকী গুৱাহাটীৰ পৰা বিমানযোগে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে তেওঁক উষ্ম আদৰণি জনোৱা দেখা গ'ল । ইয়াৰ পিছতে বিশাল ৰেলী কৰি বিমানবন্দৰৰ পৰা সমষ্টিলৈ নেতা জনক আগবঢ়াই লৈ যায় দলৰ কৰ্মীসকলে ।
চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাক ৰাইজৰ উষ্ম আদৰণি - greetings to ponakan barua who got ticket from agp
চাবুৱাৰ পৰা অগপৰ পোনাকণ বৰুৱাই খেলিব নিৰ্বাচন । টিকট নিশ্চিত হোৱাৰ লগে লগে নেতাজনক উষ্ম আদৰণি সমষ্টিবাসীৰ ।
![চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাক ৰাইজৰ উষ্ম আদৰণি চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাক ৰাইজৰ উষ্ম আদৰণি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10894524-thumbnail-3x2-ttt.jpg)
চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাক ৰাইজৰ উষ্ম আদৰণি
চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাক ৰাইজৰ উষ্ম আদৰণি
আনহাতে টিকট লাভ কৰি যথেষ্ট আনন্দিত পোনাকণ বৰুৱা । সমষ্টিটোত থকা মিত্ৰজোঁট বিজেপি দলৰ কৰ্মীসকলকো দলে বলে তেওঁক সহযোগিতা কৰিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে । লগতে আগন্তুক দিনত নিবনুৱা সমস্যাকে ধৰি সমষ্টিটোৰ বিভিন্ন সমস্যাকলৈ কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে পোনাকণ বৰুৱাই ।