মৰাণ, 6 জুন : কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব থকা মাহমৰা বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহনক দেওবাৰে মৰাণৰ বাসগৃহত মাৰোৱাৰী যুৱ মঞ্চৰ মৰাণহাট শাখাৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয় । মাৰোৱাৰী যুৱ মঞ্চ এটা দলে মন্ত্ৰীজনক সম্বৰ্ধনা জনোৱাৰ লগতে মাৰোৱাৰী সমাজৰ বিভিন্ন সমস্যাৰ লগতে মৰাণ চহৰৰ সমস্যাৰ বিষয়ে আলোচনা কৰে ।
মন্ত্ৰী যোগেন মহনক সম্বৰ্ধনা মাৰোৱাৰী যুৱ মঞ্চৰ - ক’ভিড ভেকচিন প্ৰদান
মন্ত্ৰী যোগেন মহনক সম্বৰ্ধনা জনালে মাৰোৱাৰী যুৱ মঞ্চই ৷ মাৰোৱাৰী সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে মন্ত্ৰী গৰাকীৰ লগত আলোচনা ৷
মন্ত্ৰী যোগেন মহনক সম্বৰ্ধনা জনালে মাৰোৱাৰী যুৱ মঞ্চৰ
উল্লেখ যে, মাৰোৱাৰী যুৱ মঞ্চই মৰাণৰ বিভিন্ন ধৰণৰ সামাজিক কাম কৰি আহিছে । শেহতীয়াকৈ মাৰোৱাৰী যুৱ মঞ্চই নিজৰ কাৰ্যলায়তে স্বাস্থ্য বিভাগৰ সহযোগত ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰৰ ব্যৱস্থা কৰিছিল । মাৰোৱাৰী যুৱ মঞ্চৰ এনে কাৰ্যক মন্ত্ৰী যোগেন মহনে শলাগ লোৱাৰ লগতে মৰাণত ক'ভিডৰ প্ৰতি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে মাৰোৱাৰী যুৱ মঞ্চক কাম কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক:কলগাছিয়াৰ মইনবড়ীত বজ্ৰপাতত মৃত্যু দুজনৰ