অসম

assam

ETV Bharat / state

চাবুৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনক বিপুল আদৰণি - election

সোমবাৰে চাবুৱা সমষ্টিত উপস্থিত হ’ল চাবুৱাৰ ন-কংগ্ৰেছী অজয় ফুকন ৷ দলটোৰ সহস্ৰাধিক দলীয় কৰ্মীৰ সৈতে পদযাত্ৰাত অংশগ্ৰহন কৰে অজয় ফুকনে ৷ আনকি সমষ্টিবাসী ৰাইজে নিজা সমষ্টিলৈ উষ্ম আদৰণি জনায় অজয় ফুকনক ।

চাবুৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকন বিপুল আদৰণি
চাবুৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকন বিপুল আদৰণি

By

Published : Mar 8, 2021, 5:05 PM IST

মৰাণ, 8 মাৰ্চঃ ঘোষণা হ'ল বহু প্ৰত্যাশীত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ তালিকা । চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বিপৰীতে পোন প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ হৈ চাবুৱাত প্ৰাৰ্থীত্ব লাভ কৰিছে চাবুৱাৰ যুৱক অজয় ফুকনে । চাবুৱাত অজয় ফুকনে প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে নিজৰ মন পচন্দৰ প্ৰাৰ্থীক পাই আনন্দ-উৎসাহত মতলীয়া হৈ পৰিছে দলটোৰ দলীয় কৰ্মীসকল ।

চাবুৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকন বিপুল আদৰণি

সোমবাৰে নিজ সমষ্টিত উপস্থিত হ’ল চাবুৱাৰ ন-কংগ্ৰেছী অজয় ফুকন ৷ দলটোৰ সহস্ৰাধিক দলীয় কৰ্মীৰ সৈতে পদযাত্ৰাত অংশগ্ৰহন কৰে অজয় ফুকনে ৷ আনকি সমষ্টিবাসী ৰাইজে নিজা সমষ্টিলৈ উষ্ম আদৰণি জনায় অজয় ফুকনক ।

চাবুৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকন বিপুল আদৰণি

অজয় ফুকনে চাবুৱাত উপস্থিত হৈ চাবুৱা দৈনিক বজাৰলৈ গৈ সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়ী সকলৰ সৈতেও মত বিনিময় কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, কংগ্ৰেছ নেতা গৰাকীয়ে আগন্তুক নিৰ্বাচনত চাবুৱা সমষ্টিত কংগ্ৰেছ দল জয়ী হ'ব বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে চাবুৱা সমষ্টিত মূল প্ৰতিদ্বন্দ্বী অগপৰ পোনাকণ বৰুৱা হ'ব বুলি মন্তব্য প্ৰদান কৰে অজয় ফুকনে ৷

লগতে পঢ়কঃযোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

ABOUT THE AUTHOR

...view details