মৰাণ,3 জানুৱাৰী : 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰতিটো সমষ্টিতে তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধী দলসমূহৰ ৷ ইয়াৰ মাজতে মাহমৰা সমষ্টিত কংগ্ৰেছ দলত সৃষ্টি হৈছে ব্যাপক খহনীয়া ৷ শনিবাৰে ৰাজহ আৰু ৰাজ্যিক গড়কাপ্তানি বিভাগৰ মন্ত্ৰী যোগেন মহনৰ তৎপৰতাত বহু কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত ৷
মাহমৰাত বিজেপিত যোগদান কংগ্ৰেছ কৰ্মীৰ - মাহমৰাত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান
শনিবাৰে মাহমৰা সমষ্টিত মন্ত্ৰী যোগেন মহনৰ তৎপৰতাত অনুষ্ঠিত কৰা হয় বিজেপিত যোগদান কাৰ্যসূচী ৷ এই অনুষ্ঠানত সমষ্টিটোৰ বহু কংগ্ৰেছ কৰ্মীয়ে যোগ দিয়ে গেৰুৱা দলটোত ৷
মাহমৰাত কংগ্ৰেছ দলত ব্যাপক খহনীয়া
ইতিমধ্যেই কংগ্ৰেছৰ কেইবাগৰাকী প্ৰভাৱশালী নেতায়ো যোগদান কৰিছে গেৰুৱা দলটোত ৷ সমান্তৰালকৈ মাহমৰা সমষ্টিতো শাসক দল বিজেপিৰ তুলনাত বিৰোধী দল কংগ্ৰেছ বিশেষ দলীয় কাম-কাজ আগবঢ়াবলৈ সক্ষম হোৱা নাই ৷ এনে পৰিস্থিতিতে কংগ্ৰেছ কৰ্মীসকলৰ বিজেপি গমনে আগন্তুক নিৰ্বাচনত কংগ্ৰেছক যথেষ্ট ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ৷