অসম

assam

By

Published : Jun 30, 2021, 11:58 AM IST

ETV Bharat / state

ক’ভিড আক্ৰান্তক চৰকাৰে এককালীন সাহাৰ্য দিব লাগে: এতোৱা মুণ্ডা

চৰকাৰে ক'ভিড (COVID-19) আক্ৰান্তসকলৰ বাবে আগবঢ়োৱা এককালীন সাহাৰ্য প্ৰতিজনৰ বাবে নিশ্চত কৰিব লাগে বুলি মৰাণত আহ্বান জনালে প্ৰাক্তন বনমন্ত্ৰী এতোৱা মুণ্ডাই ৷

ক’ভিড আক্ৰান্তক চৰকাৰে এককালীন সাহাৰ্য দিব লাগে: এতোৱা মুণ্ডা
ক’ভিড আক্ৰান্তক চৰকাৰে এককালীন সাহাৰ্য দিব লাগে: এতোৱা মুণ্ডা

মৰাণ, 30 জুন : ৰাজ্যত ক'ভিড (COVID-19) পৰিস্থিতি কিছু উন্নত তথা ক'ভিড সংক্ৰমিত লোকৰ সংখ্যা ক্ৰমান্নয়ে হ্ৰাস পাইছে বুলি চৰকাৰে উল্লেখ কৰিছে যদিও গ্ৰাম্যাঞ্চলৰ লগতে চাহ বাগিচা অঞ্চলত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰহে পৰিলক্ষিত হৈছে । এই অভিযোগ টিংখাং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন বন মন্ত্ৰী এতোৱা মুণ্ডাৰ (Atuwa Munda) । প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মঙলবাৰে ডিব্ৰুগড় (DIBRUGARH) জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা টিংখাং সমষ্টিস্থিত লেঙেৰী আদৰ্শ চিকিৎসালয় (Lengeri model hospital)ৰ কভিড কেয়াৰ চেণ্টাৰত উপস্থিত হৈ চেণ্টাৰৰ মূৰব্বী চিকিৎসক পবিত্ৰ গোহাঁইৰ সৈতে আলোচনাতে মিলিত হোৱাৰ লগতে চেণ্টাৰটোত ভৰ্তি হৈ থকা ৬০ গৰাকী ক'ভিড আক্ৰান্ত ব্যক্তিৰ লগতে চেণ্টাৰটোত থকা প্ৰায় ৩৫ গৰাকী চিকিৎসক, নাৰ্চসহ চিকিৎসা কৰ্মী সকলক দেখা-সাক্ষাৎ কৰি একোটিকৈ খাদ্য টোপোলা আগবঢ়ায় ।

ক’ভিড আক্ৰান্তক চৰকাৰে এককালীন সাহাৰ্য দিব লাগে: এতোৱা মুণ্ডা

তাৰ পাচতে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমৰ আগত উল্লেখ কৰে যে, গ্ৰাম্যাঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ লোকসকলে ক'ভিড টেষ্ট কৰিবলৈ ভয় কৰে । কাৰণ ক'ভিড পজিটিভ ধৰাৰ পৰাৰ পাছত তেওঁলোকক ক'ভিড চেণ্টাৰলৈ প্ৰেৰণ কৰে । ফলত ঘৰৰ মূৰব্বীজন আৱদ্ধ হৈ থাকিলে পৰিয়ালৰ বাকী সদস্যসকলে কেনেদৰে চলিব । গতিকে চৰকাৰে ক'ভিড আক্ৰান্তসকলৰ বাবে আগবঢ়োৱা এককালীন সাহাৰ্য্য প্ৰতিজনৰ বাবে নিশ্চত কৰিব লাগে । তেতিয়া নিশ্চয়কৈ সকলোৱে আগবাঢ়ি আহিব বুলি উল্লেখ কৰে ।

ক’ভিড আক্ৰান্তক চৰকাৰে এককালীন সাহাৰ্য দিব লাগে: এতোৱা মুণ্ডা

ৰাজ্যত ক’ভিড আক্ৰান্তৰ (COVID-19) সংখ্যা বিগত দিন কেইটাৰ পাচতে যোৱা ২৪ ঘণ্টাত ২ শতাংশতকৈ কিছু বৃদ্ধি পাইছে । উল্লেখযোগ্য যে, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ ৰাজ্যত মুঠ ২৭ গৰাকী মৃত্যু হৈছে । সোমাবাৰৰ দিনটোত মৃত্যুৰ সংখ্যা আছিল ৪২ জন । সেই অনুসৰি মঙলবাৰৰ দিনটোতে মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে ।

আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত ক’ৰনাত আক্ৰান্ত হৈছে ২৬৭২ গৰাকী । এই সময়চোৱাত ক’ভিড-19 পৰীক্ষা কৰা হৈছিল মুঠ ১,০১,২২২ গৰাকী ব্যক্তিৰ । পজিটিভিটিৰ হাৰ আছিল ২.৬৪ শতাংশ । আৰোগ্য হোৱা হাৰ হৈছে ৯৩.৭৭ শতাংশ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কামৰূপ মেট্ৰ’ জিলাত বিগত ২৪ ঘণ্টাত ক’ৰনাত আক্ৰান্ত হৈছে ১৪৯ গৰাকী ৷

লগতে পঢ়কঃ SI কেলংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণৰ স্বাস্থ্যৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details