মৰাণ, 4 নৱেম্বৰ : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে দৰিদ্ৰ জনতাৰ বাবে ৰূপায়ণ কৰা বহু আচঁনি এতিয়া ৰঙীন বিজ্ঞাপনৰ মাজতে সীমাবদ্ধ । কাৰণ আজিও চৰকাৰী সকলো আচঁনিৰ পৰা বঞ্চিত বহু দৰিদ্ৰ পৰিয়াল ।
ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ লেঙেৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শলগুৰিৰ এটি দৰিদ্ৰ পৰিয়ালে চৰকাৰী কোনো আঁচনীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ।
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত মৰাণৰ এটা পৰিয়ালে - moran poor family
পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে দৰিদ্ৰ জনতাৰ বাবে ৰূপায়ণ কৰা বহু আচঁনি এতিয়া ৰঙীন বিজ্ঞাপনৰ মাজতে সীমাবদ্ধ । কাৰণ আজিও চৰকাৰী সকলো আচঁনিৰ পৰা বঞ্চিত বহু দৰিদ্ৰ পৰিয়াল ।
![চৰকাৰী আঁচনিৰ পৰা বঞ্চিত মৰাণৰ এটা পৰিয়ালে govt scheme doesnt touch a poor family in moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9431943-thumbnail-3x2-moran.jpg)
উল্লেখ্য যে, জিটুমণি সোণোৱাল নামৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীয়ে আজিকোপতি ৰেচন কাৰ্ড, আৱাস গৃহ, কৃষকৰ ধন, আনকি অৰুণোদয় আঁচনিতো নাম অন্তভূক্ত নহ'ল বুলি অভিযোগ কৰিছে। যিসময়ত চৰকাৰে উন্নয়নৰ ফুলজাৰি মাৰি সৰ্বাংগীন উন্নতিৰ কথা কৈ প্ৰচাৰ কৰি আহিছে, তেনে সময়ত মুখ্যমন্ত্ৰীৰ গৃহ জিলাতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে দৰিদ্ৰ পৰিয়াল। এনে নিপীড়িত লোকসকলৰ বাবে পৰিৱৰ্তনৰ কথা কোৱা এইখন চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব।
লগতে পঢ়ক: ইটিভি বাতৰিৰ প্ৰভাৱঃ হাফলং নগৰ সমিতিৰ কাৰ্যালয়ৰ পৰা স্থানন্তৰিত পাৰ্কিং পইণ্ট