মৰাণ, 23 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ ন-খাট পঞ্চায়তৰ চহৰিকটা কৈৱৰ্ত গাঁৱৰ ৰাইজক আজিও চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই ৷ চৰকাৰী আঁচনিৰ সফল প্ৰয়োগ নোহোৱা বাবেই গাঁওখনৰ শতাধিক ৰাইজে আজিকোপতি চৰকাৰী সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷
জনপ্ৰতিনিধিৰ দৃষ্টিত নাই চহৰিকটা কৈৱৰ্ত গাঁৱৰ ৰাইজ বিগত সময়ত কেইবাখনো চৰকাৰ আহিল আৰু গ'ল ৷ জনপ্ৰতিনিধিও কেইবাৰো সলনি হ'ল ৷ তথাপিও এই গাঁওখনৰ ওপৰত দৃষ্টি নপৰিল চৰকাৰ তথা জন প্ৰতিনিধিৰ ৷ যাৰ ফলত এশ এবুৰি সমস্যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁওখনৰ ৰাইজে ৷
ৰাইজৰ অভিযোগ অনুসৰি গাঁওখনৰ জলন্ত সমস্যা হৈছে গৰাখহনীয়া ৷ প্ৰত্যেক বছৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিলৈকে সেই প্ৰতিশ্ৰুতিৰ বাস্তৱৰূপ নেদেখিলে কৈৱৰ্ত গাঁৱৰ ৰাইজে ৷ কালক্ৰমত গৰাখহনীয়া কৱলত পৰি বিঘাই বিঘাই কৃষি ভূমি বুঢ়ীদিহিং নদীৰ বুকুত জাহ গৈছে ৷
জনপ্ৰতিনিধিৰ দৃষ্টিত নাই চহৰিকটা কৈৱৰ্ত গাঁৱৰ ৰাইজ ইয়াৰ সমান্তৰালভাৱে গাঁওখনৰ মূল পথটো বিভাগীয় আঁচনিৰ অধিনত অন্তভূক্ত নোহোৱাৰ বাবে আজিও জৰাজীৰ্ণ আৱস্থাতে আছে ৷ বাৰিষাৰ লগতে বছৰৰ ছয়মাহেই পথটো বোকাময় হৈ থাকে ৷ পথটোৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন কৰাৰ লগতে বিগত সময়ত স্থানীয় বিধায়ক বিমল বৰাই কেইবাবাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বৰ্তমান সময়লৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি সদৰি কৰিছে স্থানীয় লোকে ৷
ইফালে, এনৰেগা আঁচনিৰ অধিনত গাঁওখনৰ শতাধিক হিতাধিকাৰীয়ে জব কাৰ্ড লাভ কৰিছিল ৷ কিন্তু সেই জব কাৰ্ডৰ অধিনত ১০০ দিন নালাগে এদিনৰ কামো কৰিবলৈ নাপোৱাৰ অভিযোগ তুলিছে গাঁওখনৰ হিতাধিকাৰীয়ে ।
জনপ্ৰতিনিধিৰ দৃষ্টিত নাই চহৰিকটা কৈৱৰ্ত গাঁৱৰ ৰাইজ ইয়াৰ ফলত সাংবাদিকক সম্বোধন কৰি পুনৰ ক্ষোভ কৰিছে চহৰিকটা কৈৱৰ্ত গাঁৱৰ ৰাইজে ৷ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত যদি গাঁওখনৰ সমস্যাৰ সমূহ সমাধানৰ ক্ষেত্ৰ বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে মিছা প্ৰতিশ্ৰুতিৰে শাসনলে অহা জনপ্ৰতিনিধিক আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুতৰ দিব বুলি সাংবাদিকৰ আগত ক্ষোভমূলক মন্তব্য প্ৰকাশ কৰিছে চহৰিকটা কৈৱৰ্ত গাঁৱৰ ৰাইজে ৷
লগতে পঢ়ক: গণতন্ত্ৰ দিৱসত প্ৰদৰ্শিত হ’ব বাংলাদেশৰ ঘৰুৱা বন্দুক BD-08