মৰাণ, 22 নৱেম্বৰ : এতিয়াৰে পৰা বগীবিল দলঙত (Bogibeel Bridge) উঠিলেই দিব লাগিব টকা ৷ উত্তৰ আৰু দক্ষিণ দিশক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰা বগীবিল দলং উদ্বোধনৰ দুটা বছৰৰ পিছত দলঙৰ সমীপত টোলগেট (Bogibeel Bridge Tollgate) মুকলিৰ দিশে আগবাঢ়িছে চৰকাৰ ৷ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে প্ৰায় ৯ কোটি ৫৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বগীবিল দলঙৰ সমীপৰ টোলগেট ৷
ধেমাজি-ডিব্ৰুগড় সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highway Authority of India) নিৰ্মাণ কৰিছে টোলগেট ৷ কিছুদিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব এই টোলগেট ৷ বগীবিলৰ সৌন্দৰ্য উপভোগৰ বাবে গ’লেই এই টোলগেটত প্ৰতিখন বাহনৰ বাবদ ভৰিব লাগিব ডেৰশৰ পৰা তিনিশ টকা ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক কোঙা কৰি ৰখাৰ সময়তেই শাসকীয় বিজেপি চৰকাৰখনে বগীবিলত নিৰ্মাণ কৰা এই টোলগেটে চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ দল-সংগঠনসমূহেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছিল ৷ কিন্তু জনতা আৰু জাতীয় সংগঠনৰ প্ৰতিবাদী কণ্ঠক নস্যাৎ কৰি বগীবিলত টোলগেট স্থাপনৰ ক্ষেত্ৰত বদ্ধপৰিকৰ শাসকীয়া বিজেপি চৰকাৰ ৷