টিংখাঙ, 13 ছেপ্টেম্বৰঃ বুঢ়ালুইতৰ শক্তি ভেটিবলৈ যেন অসমৰ্থ অসম চৰকাৰৰ জলসম্পদ নামৰ বিভাগটো ৷ ‘চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি'ৰ দৰে কৰ্ম কৰা বিভাগটোৰ বাবেই ব্যাপক আতংকত ভুগিব লগা হৈছে টিংখাঙৰ ৰাইজ ।
ভয়ংকৰ গৰাখহনীয়াঃ নিঃশেষৰ পথত টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়
ভয়ংকৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে টিংখাঙত। লংবৈজান নদীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়লৈ ।
ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰা পৰিলক্ষিত হৈছে টিংখাঙৰ পিঠাগুটি পঞ্চায়তৰ অন্তৰ্গত " লংবৈজান মজলীয়া বিদ্যালয় " ৷ প্ৰতিবছৰে বিদ্যালয়খনৰ কাষেৰে বৈ যোৱা লংবৈজান নদীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনলৈ ৷ প্ৰতিবছৰে গৰাখহনীয়াই ক্ৰমান্বয়ে খহাই আনিছে বিদ্যালয়খনৰ ভূমি । নদীৰ খহনীয়াৰ কৱলত পৰি জাহ যোৱাৰ উপক্ৰম ঘটিছে বিদ্যালয়ৰ চৌহদৰ বেৰাৰ লগতে শৌচাগাৰ আৰু প্ৰশ্ৰাৱগাৰৰ লগতে বিদ্যালয়ৰ এটা অংশ ।
যিকোনো মুহূৰ্ততে খহনীয়াৰ কৱলত পৰিব পাৰে বিদ্যালয়ৰ মূল গৃহটো । বিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় ৰাইজৰ বাৰম্বাৰ আৱেদনৰ সত্ত্বেও এই ক্ষেত্ৰত আজিলৈকে কোনো উচিত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ।