মৰাণ, ২ নৱেম্বৰ :গ্ৰাম্য পুথিভঁৰালে পুথি অধ্যয়নৰ ক্ষেত্ৰত অতীজৰে পৰা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে (Role of Libraries) । এনে পুথিভঁৰালৰ জৰিয়তে গাঁওসমূহত যুৱ-প্ৰজন্মৰ উপৰি সকলোৱে সাহিত্য, বিজ্ঞান, ধৰ্ম-দৰ্শন আদি আটাইবোৰ বিষয়ৰে জ্ঞান লাভ কৰিব পাৰে (Village Library) । আজি তেনে এটা গ্ৰাম্য পুথিভঁৰালৰ বিষয়ে আলোচনা কৰা হৈছে, যিটো এটা অঞ্চলৰ জ্ঞানপিপাসু লোকৰ বাবে বুকুৰ আপোন হৈ পৰিছে ।
বৰ্তমান ইণ্টাৰনেটৰ যুগ । হাতৰ মুঠিতে এতিয়া সকলো লাভ কৰিব পৰা যায় । মোবাইলত মাত্ৰ এটা ক্লিকতে নিজৰ পছন্দৰ আৰু প্ৰয়োজনীয় সকলো লাভ কৰিব পৰা যায় (Role of internet in modern life) । সেয়া দেশৰে হওক বা বিদেশৰেই হওক । আনহাতে, যুৱচাম আধুনিক জীৱন নিৰ্বাহৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাৰ ফলত গ্ৰন্থ অধ্যয়নৰ পৰিৱৰ্তে মোবাইলতে অধিক সময় মনোনিবেশ কৰাৰ লগতে মোবাইলত উপলব্ধ বিভিন্ন বিনোদনৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা দেখা যায় । তেনে সময়তে টিংখাঙৰ এটা গ্ৰাম্য পুথিভঁৰালে এটা অঞ্চলত গ্ৰন্থ অধ্যয়নৰ সংস্কৃতি গঢ়ি তুলিছে (Village Library at Tingkhang Dibrugarh) ।
টিংখাঙৰ ১ নং কেছেৰুগুৰি গাঁৱৰ পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত চলিত বৰ্ষৰ মাৰ্চ মাহত শুভাৰম্ভ কৰা হৈছিল 'গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰাল' (Gourabjyoti Village Library at Tingkhang) । অকাল বিয়োগ ঘটা টিংখাঙৰ চুৰাতনিবাম গাঁৱৰ এজন মেধাৱী ছাত্ৰ তথা কটন মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৌৰৱ গগৈৰ স্মৃতি জীয়াই ৰখাৰ উদ্দেশ্যে পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত তথা গৌৰৱ গগৈৰ পৰিয়ালবৰ্গ, 'গৌৰৱ সন্মিলিত সমাজ', বেচৰকাৰী সংস্থা 'সহযাত্ৰী' আৰু স্থানীয় ৰাইজৰ সহযোগত গঢ়ি তোলা হৈছিল এই পুথিভঁৰালটো ।