ডিব্ৰুগড়, 29 ডিচেম্বৰ :পাটকাইৰ পাদদেশ নামৰূপ আৰু ইয়াৰ পাশ্বৱৰ্তী বৃহৎ এলেকাৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান নামৰূপ মহাবিদ্যালয়ত শুকুৰবাৰৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সোণালী জয়ন্তী সমাৰোহ । আজি পুৱা ৯ বজাত সোণালী জয়ন্তী সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক তৰংগ গগৈ আৰু অধ্যক্ষ ড৹ দুৰ্গা প্ৰসাদ গগৈয়ে মহাবিদ্যালয় আৰু সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰাৰ পাচতে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নৰেন চাংমাইৰ লগতে অন্যান্য ৪৭ গৰাকী বিশিষ্ট ব্যক্তিয়ে সৰ্বমুঠ পঞ্চাশখন পতাকা উত্তোলন কৰি সোণালী জয়ন্তীৰ প্ৰথম দিনৰ দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰে ।
উক্ত কাৰ্যসূচীৰ পাচতে নামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ জিতু বুঢ়াগোঁহাইৰ দ্বাৰা সেউজী মাটিৰ সপোন শীৰ্ষৰে গছপুলি ৰোপণ তথা নামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ সঞ্জয় কুমাৰ শীল আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী গগৈয়ে স্মৃতিৰ শলিতা শীৰ্ষক স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপন কৰে । ক্ৰমান্বয়ে স্বৰ্গীয় ডিম্বেশ্বৰ গগৈ সোঁৱৰণী ক্ষেত্ৰ উদ্বোধন কৰা হয় ।