অসম

assam

ETV Bharat / state

অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ স্বৰ্ণ জয়ন্তী উদযাপন

১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা মিথানল উৎপাদনকাৰী প্ৰতিষ্ঠান অসম পেট্ৰ’ কেমিকেল লিমিটেডে(Assam Petro chemicals Ltd) পঞ্চাশটা গৌৰৱোজ্বল বৰ্ষ পাৰ কৰিলে ৷ ক’ভিড মহামাৰীৰ পৰিৱেশৰ বাবে উদ্যোগ কৰ্তৃপক্ষই সোণালী জয়ন্তী বৰ্ষ(Golden Jubilee Year) ক’ভিড নিয়মাৱলী(Covid Protocol) মানি উদযাপন কৰে ৷

By

Published : Jun 16, 2021, 8:50 AM IST

Assam Petro-chemicals Ltd
অসম পেট্ৰ কেমিকেলচ লিমিটেডৰ স্বৰ্ণ জয়ন্তী উদযাপন

নাহৰকটীয়া, 16 জুন : অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ স্বৰ্ণ জয়ন্তী উদযাপন ৷ উজনি অসমৰ অইল ক্ষেত্ৰসমূহৰ ৰাহি হোৱা প্ৰাকৃতিক গেছসমূহ কেঁচামালৰূপে ব্যৱহাৰ কৰি ১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা মিথানল উৎপাদনকাৰী প্ৰতিষ্ঠান অসম পেট্ৰ’ কেমিকেল লিমিটেডে(Assam Petro chemicals Ltd) পঞ্চাশটা গৌৰৱোজ্বল বৰ্ষ পাৰ কৰিলে ৷

অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ স্বৰ্ণ জয়ন্তী উদযাপন

দৈনিক ২১ টন মিথানল(Methanol) আৰু ৩৬ টন ফৰ্মেলিন(Formalin) উৎপাদনেৰে ব্যৱসায় আৰম্ভ কৰা এই উদ্যোগটোৱে বৰ্তমান ১০০ টন মিথানল(Methanol) আৰু ১২৫ টন ফৰ্মেলিন(Formalin) উৎপাদন কৰি অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ হিচাপে বিবেচিত হৈছে ৷ ১৯৭১ চনৰ ১৫ জুনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীয়ে উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ ১৯৭৬ চনৰ পৰা উদ্যোগটোৱে উৎপাদন আৰম্ভ কৰি ব্যৱসায় আৰম্ভ কৰে ৷

অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ স্বৰ্ণ জয়ন্তী উদযাপন

বৰ্তমানৰ ক’ভিড মহামাৰীৰ পৰিৱেশৰ বাবে উদ্যোগ কৰ্তৃপক্ষই সোণালী জয়ন্তী বৰ্ষ(Golden Jubilee Year) ক’ভিড নিয়মাৱলী(Covid Protocol) মানি উদযাপন কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী(Rameswar Teli), উদ্যোগটোৰ অধ্যক্ষ বিকুল ডেকা, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা(Pallav Kumar Jha)ৰ উপস্থিতিত কেক কাটি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পাচত উদ্যোগটোৰ অধ্যক্ষ বিকুল ডেকাৰ আন্তৰিক প্ৰচেষ্টাত নামৰূপ সোণাৰি তিনিআলিত নিৰ্মাণ হ’বলগীয়া "ক্ল’ক টাৱাৰ"ৰ সোণালী জয়ন্তী(Golden Jubilee) উপলক্ষে আধাৰশিলা স্থাপন কৰে ৷

উল্লেখ্য যে, পঞ্চাশ বছৰীয়া এই উদ্যোগটোত বৰ্তমানে দৈনিক ৫০০ টন মিথানল(Methanol) আৰু বঙাইগাঁৱৰ বইটামাৰীত দৈনিক ২০০ টন ফৰ্মেলিন(Formalin) ৰ উৎপাদনক্ষম প্ৰকল্পৰ কাম চলি আছে ৷ পৰিস্থিতি ঠিক হ’লে চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহত নতুন প্ৰকল্পটো মুকলিৰ আশা কৰিছে প্ৰতিষ্ঠানটোৱে ৷

লগতে পঢ়ক : মন্ত্ৰী বিমল বৰাৰ সৈতে ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details