মৰাণ, 22 ডিচেম্বৰ : এদিনতে ক্ষুদ্ৰ শিলত দেশৰ 15 গৰাকীকৈ প্ৰধানমন্ত্ৰীৰ ছবি অংকন কৰি এক অভিলেখ সৃষ্টি কৰিলে অসম জীয়ৰী নিহাৰীকাই ৷ টিংখাঙৰ সমীপৰ কোৰোকানী দেউৰী গাঁৱৰ নিবাসী নিহাৰীকা দেউৰীয়ে গঢ়িছে এই অভিলেখ (Tingkhang girl named niharika deuri enrolled her name in India Book of Records) ৷
5 আৰু 6 চেণ্টিমিটাৰ জোখৰ 15 টাকৈ শিলত দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে মুঠ 15 গৰাকী বিশেষ ব্যক্তিৰ ছবি অংকন কৰে মৰাণ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে ৷ সৰুৰে পৰাই ৰং-তুলিকাৰে বিভিন্ন চিত্ৰ অংকন কৰি বিভিন্নজনৰ পৰা লাভ কৰা শুভেচ্ছা ও প্ৰশংসাই সদায়ে উৎসাহিত কৰি আহিছিল নিহাৰীকাক ৷