ডিব্ৰুগড়, 11 অক্টোবৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে সোণোৱাল-কছাৰী গণ মঞ্চ, অসম ৷ অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল-কছাৰী জনগোষ্ঠীৰ ৰাজনৈতিক সুৰক্ষা, সমষ্টি সংৰক্ষণ আৰু প্ৰাৰ্থী নিশ্চিতকৰণৰ দাবীত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সোণোৱাল-কছাৰী গণ মঞ্চৰ ৷ জনগোষ্ঠীটোৰ ন্যাৰ্য দাবীক চৰকাৰে এতিয়াও গুৰুত্ব সহকাৰে লোৱা নাই বুলি অভিযোগ সংগঠনটোৰ নেতৃত্বৰ ৷
ডিব্ৰুগড়ৰ নিজ মানকটাত বুধবাৰে অনুষ্ঠিত হয় সোণোৱাল-কছাৰী গণ মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সভা আৰু প্ৰতিষ্ঠা দিৱস ৷ এই সভাতেই সোণোৱাল-কছাৰী ৰাইজক প্ৰতিখন চৰকাৰে কেৱল প্ৰলোভন দি ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ বিগত সময়ত প্ৰতিটো নিৰ্বাচনতে বিজেপি শাসিত মিত্ৰজোঁট চৰকাৰে সোণোৱাল-কছাৰী ৰাইজক লৈ চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত সোণোৱাল-কছাৰী জনগোষ্ঠীয়ে বিজেপি, অগপ আৰু ইউ পিপিএলক সমূলঞ্চে উৎখাত কৰিব বুলি হুংকাৰ প্ৰদান কৰে সোণোৱাল-কছাৰী গণ মঞ্চৰ নেতৃত্বই ৷