মৰাণ, 9 ডিচেম্বৰ :দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে তেওঁৰ সদ্য প্ৰকাশিত আত্মজীৱনী ‘Justice for the Judge’ ৰ উন্মোচনী অনুষ্ঠানত কেতবোৰ চাঞ্চল্যকৰ মন্তব্য কৰাৰ পাছতে সমগ্ৰ দেশতে ইয়াৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বিশেষকৈ অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয় সম্পৰ্কত কৰা তেওঁৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Controversy over ex CJI Ranjan Gogois NRC statement) ৷
তৰুণ গগৈয়ে NRC ৰ প্ৰক্ৰিয়া লেহেমীয়া কৰা বুলি ৰঞ্জন গগৈৰ মন্তব্যৰ পাছত কি ক’লে গৌৰৱ গগৈয়ে ? - Ranjan Gogois controversial statement on Tarun Gogoi
তৰুণ গগৈয়ে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো লেহেম কৰা বুলি ৰঞ্জন গগৈয়ে কৰা মন্তব্যৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জানো আহক এই সম্পৰ্কত কি মন্তব্য কৰিলে গৌৰৱ গগৈয়ে(Gaurav Gogoi on NRC statement of Ranjan Gogoi) ৷
উন্মোচনী অনুষ্ঠানটোত ভাষণ ৰাখি ৰঞ্জন গগৈয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই অসমত নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই বুলি মন্তব্য কৰে ৷ ভাষণ প্ৰসংগত তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰৰে নাগৰিকপঞ্জী উন্নীতকৰণ বিষয়টোত সদিচ্ছা নাই বুলি কয় ৷ লগতে তেওঁ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো লেহেম হোৱাতো বিচাৰিছিল বুলি মন্তব্য কৰাৰ পাছতে ইয়াকলৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে( Ranjan Gogois controversial statement on Tarun Gogoi) ৷
ইয়াৰ পিছতে ডিব্ৰুগড়ত তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(Gaurav Gogoi on NRC statement of Ranjan Gogoi) । গৌৰৱ গগৈয়ে কয়, এয়া তেওঁৰ ব্যক্তিগত মতামত । ৰাইজে ভালকৈ জানে কংগ্ৰেছ চৰকাৰৰ দিনতে নাগৰিকপঞ্জীৰ সকলো কাম হৈছিল ৷ কিন্তু বিজেপিয়ে নিজৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰাতহে নাগৰিকপঞ্জী সম্পূৰ্ণ কৰাত ব্যৰ্থ হৈছে । কোনে নাগৰিকপঞ্জী আগুৱাই নিলে ৰাইজে ভালকৈ জানে বুলি কয় গৌৰব গগৈয়ে ।
লগতে পঢ়ক :শ্বহীদ দিৱসৰ প্ৰাকমুহূৰ্তত কিয় অসম আন্দোলনক ব্যৰ্থ বুলি ক’লে এগৰাকী শ্বহীদ পিতৃয়ে ?