মৰাণ, 16 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ বিভিন্ন ৰাজনৈতিক দলসমূহে সভা সমিতি অনুষ্ঠিত কৰি ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে । একেদৰে সোমবাৰে খোৱাং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত মৰাণ সমষ্টিৰ হালধিবাৰী বৰপথাৰত কংগ্ৰেছ দলৰ এখনি প্ৰচাৰ সভা অনুষ্ঠিত হয় । মৰাণ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰৰ হৈ সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনী সভাত অংশ লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷
মৰাণত প্ৰাঞ্জল ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে - অসম বিধানসভা নিৰ্বাচন
খোৱাং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত মৰাণ সমষ্টিৰ হালধিবাৰী বৰপথাৰত কংগ্ৰেছ দলৰ এখনি প্ৰচাৰ সভা অনুষ্ঠিত হয় । মৰাণ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলায় সাংসদ গৌৰৱ গগৈয়ে ৷
মৰাণত প্ৰাঞ্জল ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে
মৰাণৰ বিধায়ক তথা এইবাৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয়, বিগত পাঁচ বছৰত পৰিৱৰ্তনৰ নামত ধনী মানুহ বিলাক ধনী হৈ গ'ল আৰু দুখীয়া বিলাক বেছি দুখীয়া হ'ল । বিশেষকৈ মৰাণত এটা পৰিয়াল ধনী হৈ গ'ল আৰু সেই পৰিয়ালৰ ভাতৃয়ে মৰাণ সমষ্টিৰ সকলো কামকাজ কৰি ধনী হ'ল কিন্তু সমষ্টিৰ ৰাইজে কোনো ধৰণৰ সুবিধা লাভ নকৰিলে । মৰাণত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য গৌৰৱ গগৈৰ ৷