অসম

assam

Oil spills at Moran: মৰাণৰ দুলীয়া লাহোৱালত পুনৰাবৃত্তি হ'ব পাৰে বাঘজানকাণ্ডৰ

By

Published : Jan 20, 2023, 3:44 PM IST

এমাহৰো অধিক দিন ধৰি ডিব্ৰুগড়ৰ মৰাণৰ দুলীয়া লাহোৱালত গেছৰ পাইপ ফাটি ওলাইছে গেছ (Oil spills at Moran)৷ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

Gas leak at Moran
লাহোৱালত গেছৰ পাইপ ফাটি ওলাইছে গেছ

লাহোৱালত গেছৰ পাইপ ফাটি ওলাইছে গেছ

ডিব্ৰুগড়, 20 জানুৱাৰী :অসম গেছ কোম্পানীৰ গুৰুত্বহীনতাৰ বাবে পুনৰ বাঘজান কাণ্ড হোৱাৰ দিশে ডিব্ৰুগড়ৰ মৰাণৰ দুলীয়া লাহোৱাল (Oil spills at Moran)। কেইবাদিনো ধৰি গেছৰ পাইপ ফুটি ওলাইছে গেছ ৷ তথাপিও নিৰ্বিকাৰ ভূমিকাত অসম গেছ কোম্পানী ৷

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰৰ অন্তৰ্গত দুলীয়া লাহোৱালত গেছৰ পাইপ ফুটি ওলাইছে গেছ ৷ ৰে'ল ক্ৰচিঙৰ সমীপত পথৰ কাষতে সংঘটিত হৈছে এই ঘটনা । গেছৰ পৰা অহৰহ নিৰ্গত হৈছে জুই (Similar incident likely to happen like Baghjan incident)।

যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনৰ আশংকা স্থানীয় ৰাইজৰ । শংকিত হৈ পৰা পৰিলক্ষিত হৈছে অঞ্চলবাসী । ৩১ ডিচেম্বৰৰ পৰা গেছ নিৰ্গত হৈ থকা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ অৱশ্যে যোৱা দুটা দিনত অধিক হাৰত গেছ নিৰ্গত হোৱা বুলি উল্লেখ কৰে প্ৰত্যক্ষদৰ্শীয়ে (Gas leak at Moran) ।

ইমানৰ পাছতো গেছ কোম্পানীৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লাট গাওঁ‌বুঢ়া উপস্থিত হৈ ৰাইজক সাৱধান হ'বলৈ আহ্বান জনাইছে । কেইটামান বছৰৰ পূৰ্বে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই বাঘজান কাণ্ড সংঘটিত হৈছিল । প্ৰকৃতিৰ লগতে বাঘজান ৰাইজে সন্মুখীন হৈছিল ভীষণ সমস্যাৰ ৷

তেনে অনুৰূপ ঘটনাই অসম গেছ কোম্পানীৰ হেমাহিৰ বাবে মৰাণত পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । উল্লেখ্য যে, অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ সমূহ বহু পুৰণি হোৱাৰ ফলতেই এনে ঘটনা সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰাই ৰাইজে স্থানীয় প্ৰশাসন আৰু গেছ কোম্পানীৰ কৰ্তৃপক্ষক বহুবাৰ এই বিষয়ে অৱগত কৰিছে যদিও আজি পৰ্যন্ত গেছ নিৰ্গমণ বন্ধ কৰিবলৈ কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অধিক চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ।

তদুপৰি ৰেল লাইনৰ সমীপতে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাত অধিত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ কিয়নো যিকোনো মুহুৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে এতিয়া অঞ্চলটোত ।

লগতে পঢ়ক :Eviction drive in Golaghat: প্ৰশাসনৰ বুলড’জাৰত আশ্ৰয়হীনা হ’ল ৰাজ্যৰ ১২ টাকৈ পৰিয়াল

ABOUT THE AUTHOR

...view details