অসম

assam

ETV Bharat / state

ঐতিহাসিক শ্ৰীশ্ৰী গৰখীয়া থানৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন - ব্যক্তিগত প্ৰচেষ্টাক এতিয়া সলাগ লৈছে স্থানীয় ৰাইজে

ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী ডিম্বেশ্বৰ হাজৰিকাই হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰায় ২০ লাখ টকা ব্যয়েৰে মৰাণৰ সমীপৰ জকাইৰ ঐতিহাসিক শ্ৰীশ্ৰী গৰখীয়া থানত নিৰ্মাণ কৰিব এটি গৃহ ৷

As_Moran_Aadharshila_of_Garakhia_than_set_up_in_Moran_As10031
ঐতিহাসিক শ্ৰীশ্ৰী গৰখীয়া থানৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন

By

Published : Nov 30, 2020, 10:41 PM IST

মৰাণ, 30 নৱেম্বৰ: প্ৰায় ১৯৫৫ চনতে স্থাপন হৈছিল মৰাণৰ সমীপৰ জকাইৰ ঐতিহাসিক শ্ৰীশ্ৰী গৰখীয়া থান ৷ প্ৰত্যেক বছৰে স্থানীয় ৰাইজে এই থানখনৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে ৷ শ্ৰীশ্ৰী গৰখীয়া থানখনৰ উন্নীতকৰণৰ বাবে ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী ডিম্বেশ্বৰ হাজৰিকাই হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷

ঐতিহাসিক শ্ৰীশ্ৰী গৰখীয়া থানৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন

প্ৰায় ২০ লাখ টকাৰ ব্যয় সাপেক্ষে এক আটকধুনীয়া গৃহ নিৰ্মাণ কৰি এক পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ মানসিকতাৰে সোমবাৰে মাংগলিক অনুষ্ঠানেৰে থানখনৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

ঐতিহাসিক শ্ৰীশ্ৰী গৰখীয়া থানৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন

ডিম্বেশ্বৰ হাজৰিকাৰ ব্যক্তিগত প্ৰচেষ্টাক এতিয়া শলাগ লৈছে স্থানীয় ৰাইজে ৷ ডিব্ৰুগড় উন্নয়ন প্ৰধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই বৃক্ষ ৰোপণ কৰি আৰম্ভ কৰা আধাৰশিলা স্থাপন অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাজ্যৰ বিভিন্ন স্থানত গুৰু নানকৰ জন্ম জয়ন্তী উদযাপন

ABOUT THE AUTHOR

...view details