অসম

assam

ETV Bharat / state

Labhita Drama Controversy: ডিব্ৰুগড়ত লভিতা নিষিদ্ধ গণনাট্য সংঘৰ - Gananatya Sangha banned Labhita in Dibrugarh

নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ লভিতা নাটকখন ডিব্ৰুগড়ত নিষিদ্ধ ঘোষণা কৰিছে গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে । জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিক বিকৃত ৰূপত দাঙি ধৰাৰ যিকোনো পদক্ষেপকেই ভাৰতীয় গণনাট্য সংঘই ক্ষমা নকৰে বুলি স্পষ্ট কৰি দিছে (Abhijit Bhattacharya Labhita drama controversy) ।

Labhita Drama Controversy
ডিব্ৰুগড়ত লভিতা নিষিদ্ধ গণনাট্য সংঘৰ

By

Published : Oct 13, 2022, 7:38 PM IST

মৰাণ,১৩ অক্টোবৰ: বিগত কিছুদিন ধৰি ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি 'লভিতা'ক বিকৃত ৰূপত মঞ্চত উপস্থাপন কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Labhita Drama Controversy)। উল্লেখ্য যে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই কুম্ভীলক বৃত্তিৰ আশ্ৰয় লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত নাটক 'লভিতা'ক আৱাহন থিয়েটাৰত (Abahan Theatre) মঞ্চস্থ কৰাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠন আৰু সমাজ সচেতন ব্যক্তিয়ে ইয়াৰ বিৰোধিতা কৰিছে ।

ডিব্ৰুগড়ত লভিতা নিষিদ্ধ গণনাট্য সংঘৰ

ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য আৰু আৱাহনৰ প্ৰযোজক, অভিনেত্রী প্ৰস্তুতি পৰাশৰে নাটকখনৰ নাম সলনি কৰিব বুলি সদৰী কৰিছে । কিন্তু এই বিষয়টোক লৈ এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া । বিভিন্ন পক্ষই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি 'লভিতা' নাটখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে (Jyoti Prasad Agarwala drama Lavita) নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মানসিকতাৰ ওপৰতো সমালোচনা কৰিছে । এইবাৰ আৱাহন থিয়েটাৰ তথা অভিজিৎ ভট্টাচাৰ্যক পুনৰ উভতি ধৰিছে ভাৰতীয় গণনাট্য সংঘই (Gananatya Sangha banned Labhita in Dibrugarh)।

নাটখনক লৈ প্ৰতিক্ৰিয়া অব্য়াহত থকাৰ মাজতে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ লভিতা নাটকখন ডিব্ৰুগড়ত নিষিদ্ধ ঘোষণা কৰিছে গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে । বৃহস্পতিবাৰে ডিব্ৰুগড়ত এই কথা ঘোষণা কৰিছে গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি শৰৎ চন্দ্ৰ নেওগে ।

যিগৰাকী মহান শিল্পী আজিও অসমীয়া জাতিৰ প্ৰাণ স্বৰূপ হৈ আছে, যি গৰাকী গণশিল্পীৰ অমূল্য সৃষ্টিৰাজি আজিও প্ৰতিজন অসমীয়াৰ বুকুৱে-বুকুৱে স্থিত হৈ আছে, সেই গৰাকী গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিক বিকৃত ৰূপত দাঙি ধৰাৰ যিকোনো কাৰ্য,পদক্ষেপকেই ভাৰতীয় গণনাট্য সংঘই কোনো কাৰণতেই ক্ষমা নকৰে বুলি স্পষ্ট কৰি দিছে (Abhijit Bhattacharya Labhita drama controversy)। জ্যোতিপ্ৰসাদৰ লভিতা নাটখনিক আৱাহন থিয়েটাৰৰ মঞ্চত অভিজিত ভট্টাচাৰ্যই নিজ খেয়াল খুচি মতে বিকৃত ৰূপত মঞ্চস্থ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে ভাৰতীয় গণনাট্য সংঘই ।

জ্যোতিপ্ৰসাদৰ একালৰ বাসস্থান থকা ডিব্ৰুগড়ত আৰু জ্যোতিপ্ৰসাদৰ উপস্থিতিতেই প্ৰথমবাৰৰ বাবে লভিতা নাটখনি মঞ্চস্থ কৰা ডিব্ৰুগড়ত অভিজিত ভট্টাচাৰ্যই বিকৃত ৰূপত মঞ্চস্থ কৰা লভিতা নাটখনিক গণনাট্য সংঘই মঞ্চস্থ কৰিবলৈ নিদিয়ে (Gananatya Sangha of India)। মঞ্চস্থ কৰিলেই গণ বিক্ষোভৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ দিছে গণনাট্য সংঘই । ডিব্ৰুগড়ৰ সকলো জ্যোতিপ্ৰসাদপ্ৰেমী ৰাইজ আৰু সাংস্কৃতিক সংগঠন সমূহৰ নেতৃবৃন্দ সকললৈও বিষয়ববীয়া কেইগৰাকীয়ে অনুৰোধ জনায় কয় যে জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি লভিতা নাটখনিক নিজ ইচ্ছাৰে ৰচনা কৰি,নাটকত থকা গীত কাটি নথকা গীত সন্নিবিষ্ট কৰা, চৰিত্ৰ সমূহৰ নাম-ধাম একেই ৰাখি বিকৃত ভাৱে উপস্থাপন কৰা, নাটকৰ শেষত "বন্দে মাতৰম" শ্লোগানৰ ঠাইত গেৰুৱাকৰণৰ "ভাৰত মাতা কি জয়" শ্লোগান সন্নিৱিষ্ট কৰা ইত্যাদি দুষ্কাৰ্যৰে ভৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ বিকৃতিকৰণৰ নাট "লভিতা" যাতে ডিব্ৰুগড়ত মঞ্চস্থ কৰিব নোৱাৰে সেইক্ষেত্ৰত গণনাট্য সংঘক সমৰ্থন কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক:Labhita Drama Controversy: অভিজিৎ ভট্টাচাৰ্যক গৰিহণা থিয়েটাৰ প্ৰযোজক সন্থাৰ

ABOUT THE AUTHOR

...view details