অসম

assam

ETV Bharat / state

জনগোষ্ঠীৰ উন্নয়নৰ বাবে ঘোষণা ধন চৰকাৰে শ্বহীদ পৰিয়ালক প্ৰদান কৰকঃ লিটুল বুঢ়াগোঁ‌হাই

খোৱাঙৰ বাঁ‌হনি পথাৰত দেওবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ সমাৱেশ অনুষ্ঠিত হয় ৷ সমাৱেশখনত অংশগ্ৰহণ কৰে গায়ক কুসুম কৈলাশে ৷ উপস্থিত সকলোৱে একেমুখে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

খোৱাঙৰ বাঁ‌হনি পথাৰত চি এ এ ৰ বিৰুদ্ধে গণ সমাৱেশ
নাগৰিকত্ব সংশোধনী আইন

By

Published : Dec 29, 2019, 9:35 PM IST

ডিব্ৰুগড়,২৯ ডিচেম্বৰঃদেওবাৰৰ দিনটোত খোৱাঙৰ বাঁ‌হনি পথাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একত্ৰিত হয় শতাধিক পুৰুষ-মহিলা । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আটাছু ডিব্ৰুগড় জিলা সমিতিয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে ৷ সংগঠনটোৰ সভাপতি লিটুল বুঢ়াগোঁ‌হাইয়ে গণ সমাৱেশত অংশ লৈ চৰকাৰক সমালোচনা কৰে ৷

খোৱাঙৰ বাঁ‌হনি পথাৰত চি এ এ ৰ বিৰুদ্ধে গণ সমাৱেশ

সমাৱেশখনত অংশগ্ৰহণ কৰে গায়ক কুসুম কৈলাশে ৷ লগতে উপস্থিত থাকে প্ৰাক্তন আছু নেতা তথা সাংবাদিক যদুনাথ পুৰী, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়া, সোণোৱাল কছাৰী গণমঞ্চৰ সভাপতি দীপক শইকীয়া, আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেবেন ওৰাং, আছুৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁ‌ৱৰ, প্ৰগতিশীল নাৰী সন্থাৰ ডিব্ৰুগড়ৰ উপ-সভানেত্ৰী হীৰাৰাণী চেতিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ উপস্থিত সকলোৱে একেমুখে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

লগতে চাওকঃফোন ধৰিলে "হেল্ল'"ৰ পৰিৱৰ্তে কওক "জয় আই অসম"

ABOUT THE AUTHOR

...view details