ডিব্ৰুগড়, 23 নৱেম্বৰ: অসমৰ সংগীত প্ৰেমী সকললৈ তথা সংগীত ক্ষেত্ৰখনলৈ সু-খবৰ৷ অচিৰেই ন-ৰূপত,ন-সোৱাদেৰে শ্ৰোতাৰ মাজলৈ আহিব 90 দশকৰ জনপ্ৰিয় আধুনিক গীত"গাগৰি, গাগৰি কঁকালৰ ভাজত" ৷ নব্বৈ দশকৰ শেষৰ ফালে, 2002 বৰ্ষত সংগীত শিল্পী সুশান্ত কাশ্যপৰ কন্ঠত মুক্তি লাভ কৰিছিল বুকুৰ পাৰ ভাঙি,দেহ-মন জুৰ পেলাই যোৱা"গাগৰি গাগৰি" শীৰ্ষক গীতটো ৷ ইন্টাৰনেটৰ সুবিধা অবিহনেই তেতিয়াই অসমীয়া ডেকা গাভৰু,জীয়াৰী-বোৱাৰীৰ হিয়া জুৰ পেলাই দিব পৰাকৈ গীতটোৰ প্ৰাণ তানি ধৰা মাদকতাই জনপ্ৰিয়তাৰ চুড়ান্ত শীৰ্ষক স্পৰ্শ কৰিছিল ৷ সেই জনপ্ৰিয় গীতটোকে পুনৰ নতুন পৰিকল্পনাৰে,ন-ৰূপৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে ব্যস্ত হৈ পৰিছে অসম কেইজনমান জনপ্ৰিয় সংগীত কৰ্মী ৷ শিল্পী সুশান্ত কাশ্যপৰ কন্ঠতে পুনৰ এবাৰ আহি আছে "গাগৰি গাগৰি" ৷
ন-ৰূপত নব্বৈ দশকৰ জনপ্ৰিয় গীত "গাগৰি গাগৰি কঁকালৰ ভাজত" - উজ্বল আৰঙৰ সংগীত
শিল্পী সুশান্ত কাশ্যপৰ কন্ঠতে পুনৰ এবাৰ আহি আছে "গাগৰি গাগৰি" ৷ 90 দশকৰ শেষৰ ফালে, 2002 বৰ্ষত সংগীত শিল্পী সুশান্ত কাশ্যপৰ কন্ঠত মুক্তি লাভ কৰিছিল বুকুৰ পাৰ ভাঙি,দেহ-মন জুৰ পেলাই যোৱা "গাগৰি গাগৰি" শীৰ্ষক গীতটো ৷
ন-ৰূপত নব্বৈ দশকৰ জনপ্ৰিয় গীত "গাগৰি গাগৰি কঁকালৰ ভাজত"
উল্লেখ্যনীয় যে,গীতটোৰ কথা,সুৰ মন ছিৰিজৰ "ৰিঙা ৰিঙা মন" শ্ৰাব্য কেছেটৰ "পাখি লগা মনে" শীৰ্ষক গীতটোৰ লগতে অসমীয়া সংগীত জগতক বহু জনপ্ৰিয় গীতৰ উপহাৰেৰে চহকী কৰা প্ৰসিদ্ধ গীতিকাৰ মৃন্ময় মৃত্তিকৰ ৷ বৰ্তমান সংগীত পৰিচালনা আৰু ব্যৱস্থাপনাৰে শ্ৰুতাৰ হৃদয় আবেগেৰে মুগ্ধ কৰি অসমৰ সংগীত জগতত জনপ্ৰিয় হৈ পৰা উজ্বল আৰঙৰ সংগীতেৰে সজোৱা এইবাৰৰ গাগৰি গাগৰি মিক্স আৰু মাষ্টৰিঙ কৰিব প্ৰসিদ্ধ গীতিকাৰ,সংগীত ব্যৱস্থাপক ইবছন লাল বৰুৱাই ৷
লগতে পঢ়কঃথোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা
Last Updated : Jan 18, 2023, 12:45 PM IST