মৰাণ,13 মে': প্ৰখ্যাত সাংবাদিক, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ সমীপৰ নিতাইপুখুৰীতো গভীৰ শোকৰ ছাঁ পৰিছে ৷ বৰগোহাঞিৰ মৃত্যুত নিতাইপুখুৰী আৰু পানীদিহিং মৌজাৰ গাঁৱে গাঁৱে শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ৷ মহীৰূহ গৰাকীৰ মৃত্যুত বেতনীবাম তিনিআলিত বন্তি প্ৰজ্বলন কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে অঞ্চলবাসীয়ে ৷
হোমেন বৰগোহাঞিৰ মৃত্যুত নিতাইপুখুৰীত শোকৰ ছাঁ - গোঁহাইবাৰী উচ্চ মাধ্যমিক বিদ্যালয়
হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ নিতাইপুখুৰী আৰু পানীদিহিং মৌজাৰ গাঁৱে গাঁৱে শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ৷ বেতনীবাম তিনিআলিত বন্তি প্ৰজ্বলন কৰি মহীৰূহ গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে অঞ্চলবাসীয়ে ৷

হোমেন বৰগোহাঞিৰ মৃত্যুত নিতাইপুখুৰীত শোকৰ ছাঁ
হোমেন বৰগোহাঞিৰ মৃত্যুত নিতাইপুখুৰীত শোকৰ ছাঁ
বুধবাৰে সন্ধিয়া অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক দীপক বড়াই ৷ লগতে হোমেন বৰগোহাঞিৰ একান্ত অনুৰাগী সচেতন যুৱক প্ৰণৱ ফুকনে বন্তি প্ৰজ্বলন কৰাৰ পাচতে মহীৰূহগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গোঁহাইবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গকুল বৰগোঁহাইয়ে ৷ এই অনুষ্ঠানত আটাছু নেতা শোণিত ফুলকোঁৱৰ, সচেতন যুৱক কিৰণ খনিকৰ, দেৱব্ৰত বৰুৱা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সাংগঠনিক সম্পাদক পাৰ্থ গগৈ, ডোমৰ দলং প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নিৰোদ সন্দিকৈ উপস্থিত থাকে ৷