অসম

assam

ETV Bharat / state

Veteran Congress leader Sarat Barkataki: আজি সোণাৰিত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ - Funeral of Sarat Barkataki

পাঁচবাৰৰ বিধায়ক, প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীক অশ্ৰুসিক্ত নয়নে আজি শেষ বিদায় জনাব সোণাৰিৰ ৰাইজে ৷ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ বৰ্ষীয়ান নেতাগৰাকীক শেষ দৰ্শনৰ বাবে তেওঁৰ বাসগৃহত ভিৰ কৰিছেহি অগণন গুণমুগ্ধই ৷

Veteran Congress leader Sarat Barkataki
আজি সোণাৰিত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:56 AM IST

Updated : Oct 31, 2023, 12:45 PM IST

আজি সোণাৰিত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ

ডিব্ৰুগড়, ৩১ অক্টোবৰ:আজি পঞ্চভূতত বিলীন হ’ব প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকী ৷ অগণন গুণমুগ্ধৰ উপস্থিতিত আজি ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ । প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ মৃত্যুত তেওঁৰ গৃহভূমি সোণাৰি সমষ্টিৰ লগতে সমগ্ৰ চৰাইদেউ জিলাখনতে শোকৰ ছাঁ পৰিছে । সোমবাৰে নিশা ১ বজাত তেওঁৰ মৃতদেহ সোণাৰিৰ নিজা বাসগৃহত আহি পোৱাৰ পিচৰে পৰা জিলাখনৰ বিভিন্ন ঠাইৰ গুণমুগ্ধ ৰাইজে আহি তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰিছে ।

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ১৯৯১ চনৰ পৰা ২০১৬ চনলৈ ৫ বাৰকৈ সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচত হৈছিল ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ বিৰুদ্ধে সোণাৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হয় ৷ সোণাৰিৰ বিধায়ক হৈ থকা সময়তে তেওঁ সমষ্টিটোৰ উন্নয়নৰ বাবে সম্ভৱত সকলো পদক্ষেপ গ্ৰহণ কৰিছিল ৷ বিশেষকৈ চৰাইদেউ মহকুমাক জিলা হিচাপে গঠন কৰাত কংগ্ৰেছ নেতাগৰাকীৰ অৱদান চৰাইদেউবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব ৷

প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত গড়কপ্টানী মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল বৰকটকীয়ে । ২০১৫ চনত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্বতো আছিল তেওঁ ৷ দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছিল জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকী ৷ বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকী ১৬ অক্টোবৰৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ অৱশেষত দেওবাৰ মাজনিশা প্ৰায় ১.৩৬ বজাত ৮৮ বছৰ বয়সত চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে । মৃত্যুৰ পূৰ্বে নেত্ৰদান কৰি গৈছে শৰৎ বৰকটকীয়ে ৷

শৰৎ বৰকটকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ উপৰি বিভিন্ন দল-সংগঠনসমূহেও শোক প্ৰকাশ কৰিছে ৷ আজি সোণাৰিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শেষ শ্ৰদ্ধা জনাব । আজি পুৱা দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাচত সোণাৰিৰ ৰাজীৱ ভৱনলৈ নিয়া হ’ব তেওঁৰ নশ্বৰদেহ ৷ ইয়াৰ পাচত ক্ৰমে সোণাৰি কলেজ, সোণাৰি কৰ্মাচ কলেজ, ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব ৷

বিয়লি প্ৰায় ১.৩০ বজাত টাউকাক নৈৰ দলঙৰ সমীপত তেওঁক ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ৷

লগতে পঢ়ক:Veteran Congress leader Sarat Barkataki: প্ৰবীণ ৰাজনীতিবিদ-শিক্ষাবিদ শৰৎ বৰকটকীৰ দেহাৱসান

Last Updated : Oct 31, 2023, 12:45 PM IST

ABOUT THE AUTHOR

...view details