অসম

assam

By

Published : Mar 30, 2021, 7:53 PM IST

ETV Bharat / state

পঞ্চভূতত বিলীন জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ নশ্বৰ দেহ

মৰাণস্থিত পিতৃৰ বাসগৃহত 'নিয়মীয়া বাৰ্তা' বাতৰি কাকতৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ শেষকৃত্য সম্পন্ন কৰা হয় । তাৰ পূৰ্বে মৰাণৰ সাংবাদিক, ক্ৰীড়া সংগঠক, জাতীয় সংগঠনৰ নেতৃবৃন্দই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

পঞ্চভূতত বিলীন জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ নশ্বৰ দেহ
পঞ্চভূতত বিলীন জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ নশ্বৰ দেহ

মৰাণ,৩০ মাৰ্চ:মৰাণৰ পিতৃ গৃহত মঙলবাৰে শেষকৃত্য সম্পন্ন হয় জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ । মৰাণৰ সাংবাদিক, ক্ৰীড়া সংগঠক, জাতীয় সংগঠনৰ নেতৃবৃন্দই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে ধৰ্মীয় নীতি-নিয়মেৰে শেষকৃত সম্পন্ন কৰা হয় ।‌

উল্লেখ্য যে সোমবাৰে পুৱা 'নিয়মীয়া বাৰ্তা' বাতৰি কাকতৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ হৈছিল মহানগৰীৰ হাতীগাঁৱস্থিত বাসগৃহৰ সন্মুখৰ এটা নলাত । পৰিয়ালৰ লোকে জনোৱা মতে, মাজনিশা পানীৰ মটৰৰ চুইছ অন কৰিবলৈ ওপৰ মহলাৰ পৰা তললৈ নামি আহিছিল চুতীয়া । তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল সাংবাদিক গৰাকী । সোমবাৰে মৃতদেহ উদ্ধাৰৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পঞ্চভূতত বিলীন জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ নশ্বৰ দেহ

পূৰ্বজ্যোতি চুতীয়াৰ পিতৃ আছিল স্বৰ্গীয় তৰুণ চুতীয়া । ১৯৯২ চনৰ পৰাই সংবাদক্ষেত্ৰৰে জড়িত পূৰ্বজ্যোতি চুতীয়াৰ পিতৃয়ে ১৯৭২ চনত মৰাণৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । এজন শ্ৰমিক নেতা হিচাপে মৰাণৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল পূৰ্বজ্যোতি চুতীয়াৰ পিতৃ স্বৰ্গীয় তৰুণ চুতীয়া । পূৰ্বজ্যোতি চুতীয়াও কৰ্মসূত্ৰে গুৱাহাটীলৈ যোৱাৰ আগলৈকে মৰাণৰ বহুকেইটা অনুষ্ঠান প্ৰতিস্থানৰ লগত জড়িত এগৰাকী ব্যক্তি আছিল ।

লগতে পঢ়ক:১ এপ্ৰিলত হােজাই জিলা বন্ধৰ ঘোষণা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details