মৰাণ,৯ ফেব্ৰুৱাৰী:চৰকাৰী বিদ্য়ালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগতে শিক্ষাৰ্থীৰ সুবিধাৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য় চৰকাৰে । যাতে শিক্ষাৰ্থীয়ে বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে তাৰ বাবেও বিভিন্ন জিলাৰ শিক্ষানুষ্ঠানসমূহত বিশেষ ব্য়ৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । তাৰ অংশস্বৰূপে সোমবাৰে মৰাণৰ দুখনকৈ বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।
মৰাণত বিশুদ্ধ খোৱা পানী ব্য়ৱস্থাৰ কাম আৰম্ভ - মৰাণত বিশুদ্ধ খোৱা পানী ব্য়ৱস্থাৰ কাম আৰম্ভ
সোমবাৰে মৰাণৰ দুখনকৈ বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ শুভাৰম্ভ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।
মৰাণৰ দুখন বিদ্যালয়ত শিক্ষাৰ্থীৰ বাবে বিশুদ্ধ খোৱাপানী ব্য়ৱস্থাৰ কাম আৰম্ভ
ডিব্ৰুগড়ৰ মৰাণ বিধানসভা সমষ্টিৰ গজপুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত গজপুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু তিলৈ নগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তিলৈ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশুদ্ধ খোৱা পানী ব্যৱস্থাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত জিলা পৰিষদৰ সদস্যা শিখামণি তামুলীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকল আৰু অভিভাৱকৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ