মৰাণ, 16 অক্টোবৰ :অসম চৰকাৰৰ অ'বিচি উন্নয়ন বোর্ড ডিব্ৰুগড় জিলা সমিতিয়ে মৰাণ বিধানসভা সমষ্টিৰ গাঁৱে গাঁৱে শুকুৰবাৰে হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছে বিনামূলীয়া পানী ফিল্টাৰ । বিগত কেইমাহমানৰ আগতে মৰাণ সমষ্টিত ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক অ'বিচি উন্নয়ন বোর্ডে বিনামূলীয়া কৈ প্ৰদান কৰিছিল ঘৰৰ বাবে টিং ।
মৰাণত গাঁৱে গাঁৱে বিনামূলীয়া পানী ফিল্টাৰ বিতৰণ
মৰাণত গাঁৱে গাঁৱে হিতাধিকাৰীক পানীৰ ফিল্টাৰ বিতৰণ ৷ অসম চৰকাৰৰ অ'বিচি উন্নয়ন বোর্ড ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ফিল্টাৰ বিতৰণ ৷
মৰাণত গাঁৱে গাঁৱে বিনামূলীয়া পানী ফিল্টাৰ বিতৰণ
ইয়াৰ পিচতে ডিব্ৰুগড় জিলাৰ অ'বিচি উন্নয়ন বোর্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈৰ নেতৃত্বত বোৰ্ড সদস্য সকলে গাঁৱে গাঁৱে গৈ হিতাধিকাৰীৰ মাজত পানী ফিল্টাৰ বিতৰণ কৰা পৰিলক্ষিত হৈছে । হিতাধীকাৰীক পানী ফিল্টাৰ গাঁৱে গাঁৱে গৈ প্ৰদান কৰা কাৰ্যক হিতাধীকাৰী সকলে ডিব্ৰুগড় জিলা অ'বিচি উন্নয়ন বোর্ডক ধন্যবাদ জনায় ।
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সমষ্টিত ভূমি পট্টা বিতৰণত ভয়ংকৰ কেলেংকাৰী