অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ - মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ

মৰাণ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাংচালিত চকু চিকিৎসা শিবিৰ । শতাধিক লোকৰ বিনামূলীয়াকৈ চকু চিকিৎসা প্ৰদান ।

মৰাণত চকু চিকিৎসা শিবিৰ
মৰাণত চকু চিকিৎসা শিবিৰ

By

Published : Jan 30, 2021, 3:55 PM IST

ডিব্ৰুগড়, ৩০ জানুৱাৰী: মৰাণ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু চন্দ্ৰ আৰন্ধৰা মেমৰিয়েল ফাউণ্ডেশ্যনৰ সহযোগিতাত ডিব্ৰুগড়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু স্বাস্থ্য সজাগতা সভা আয়োজন কৰা হয় । শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ ৰাংচালি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাংচালি, চুৰেন মেমৰিয়েল বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা চকু চিকিৎসা শিবিৰৰ ।

মৰাণত চকু চিকিৎসা শিবিৰ

ডা: ৰিক্তম বৰগোঁহাইৰ নেতৃত্বত চকু চিকিৎসা শিবিৰ অনুষ্ঠানত উপস্থিত থাকে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি । উক্ত চকু চিকিৎসা শিবিৰৰ জৰিয়তে অঞ্চলটোৰ শতাধিক লোকে বিনামূলীয়াকৈ চকু চিকিৎসা কৰে ।

মৰাণত চকু চিকিৎসা শিবিৰ

সমাজ সংগঠক আৰু শ্বহীদক স্মৰণৰে কাৰ্যসূচীৰ আৰম্ভ হয় লগতে বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰয়াত চন্দ্ৰ আৰন্ধৰা স্মৃতিত বন্তি প্ৰজ্বলন- শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ।

লগতে পঢ়ক:অট’ত উঠি অট’ৰিক্সা সন্থাৰ কাৰ্যালয়লৈ যাত্ৰা সাংসদ গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

...view details