মৰাণ, 19 জুলাই: ভিন্নজনক ঠিকা দিয়াৰ নামত কোটি কোটি টকা লৈ প্ৰৱঞ্চনা কৰা মৰাণৰ মেৰাজ ৱাচিকুৰ ৰহমান অৱশেষত আৰক্ষীৰ জালত ৷ শনিবাৰে গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চকটো । দীৰ্ঘদিন ধৰি নিজৰ নাম সলনি কৰি বিভিন্নজনক প্ৰৱঞ্চনা কৰি আহিছিল মেৰাজ ৱাচিকুৰ ৰহমানে ৷ বহুতকে জ্যেষ্ঠ সাংবাদিক, ঠিকাদাৰ, মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি তেওঁ প্ৰৱঞ্চনা কৰি আহিছিল ।
অৱশেষত শনিবাৰে প্ৰৱঞ্চক ৰহমানৰ মুখা খোল খালে দিছপুৰ আৰক্ষীৰ জালত পৰাৰ পাছতে । গ্ৰেপ্তাৰৰ পিছত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে লাভ কৰিছে ভুৱা সাংবাদিকৰ পৰিচয় পত্ৰ ৷ বিজেপি দলৰ সদস্য পত্ৰৰ লগতে আন বহু ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰিলে আৰক্ষীয়ে ।
প্ৰৱঞ্চকজন আৰক্ষীৰ জালত পৰাৰ পাছতে গৃহ চহৰ মৰাণতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।