অসম

assam

By

Published : Sep 7, 2021, 11:18 AM IST

ETV Bharat / state

ভুৱা তান্ত্ৰিকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ অভিযোগ

মৰাণত ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলাতক অৱস্থাত আছে এজন ভুৱা তান্ত্ৰিক ৷ জৰা-ফুকাৰ চলেৰে ছাত্ৰীগৰাকীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ ভুৱা তান্ত্ৰিকজনৰ বিৰুদ্ধে ৷

A_Moran_806to8015_Fraud Baba of Moran_As10031
ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ ভুৱা তান্ত্ৰিকৰ বিৰুদ্ধে

মৰাণ, 7 ছেপ্তেম্বৰ :মৰাণৰ খোৱাঙত ভুৱা তান্ত্ৰিকৰ বিৰুদ্ধে উত্থাপিত হৈছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ ৷ যোৱা 24 আগষ্টতে সংঘটিত হৈছিল এই ঘটনা ৷ ইয়াৰ পিছতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে তান্ত্ৰিকজনৰ বিৰুদ্ধে খোৱাং আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷

ঘটনা অনুসৰি, 17 বছৰীয়া কিশোৰীগৰাকীক খোৱাঙৰ আজাৰগুৰিৰ গৌতম কলিতা নামৰ ভুৱা তান্ত্ৰিকজনে জৰা-ফুকাৰ নামত যৌন নিৰ্যাতন চলায় ৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগেই আজাৰগুৰিৰ ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি এই দুষ্কাৰ্য বন্ধ কৰাৰ দাবীত তান্ত্ৰিক গৌতম কলিতাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ ভুৱা তান্ত্ৰিকৰ বিৰুদ্ধে

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত গৌতম কলিতা ৷ ৰাইজৰ প্ৰতিবাদৰ পাছতে গৌতম কলিতাৰ পিতৃয়ে ইয়াৰ পিছত কোনো ধৰণৰ জৰা-ফুকা কাম নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

উল্লেখ্য যে, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰৰ সময়তো বহু লোক ভুৱা তান্ত্ৰিকৰ কবলত পৰি সৰ্বস্বান্ত হোৱাৰ এনে বহু ঘটনাই সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ ইয়াৰ মাজতে মৰাণৰ এই ঘটনাই চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :তিনিমাহৰ অন্তত অভয়াকুটি হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল

ABOUT THE AUTHOR

...view details