মৰাণ,27 ফেব্ৰুৱাৰী: ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ দিনাই মৰাণত বহুকেইখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । SOPD শিতানত সৰ্বমুঠ 18 টাকৈ ৰাস্তাৰ পকীকৰণৰ বাবে আধাৰশিলা স্থাপন কৰে ৷
আধাৰশিলা স্থাপনত ব্যস্ত চক্ৰধৰ গগৈ - নিবাৰ্চনৰ দিন ঘোষণা
নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাই মৰাণ সমষ্টিৰ বহু আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক চক্ৰধৰ গগৈৰ ৷
একেদৰে খটখটিত অসম দৰ্শন আঁচনিৰ অধীনত আঢ়ৈ লক্ষ্য টকাকৈ 53 টা নামঘৰলৈ, পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় দহ লক্ষ্য টকাৰে বীৰছা মুণ্ডা আৰু দিলবদন দাসৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে প্ৰদান কৰে ৷ আনহাতে, লেজাই পঞ্চায়তৰ বিনয়গুটিয়া আনটাইড ফাণ্ডৰ 2020-21 বৰ্ষৰ পুঁজিৰ অধীনত দহ লাখ টকাৰে বীৰছা মুণ্ডা মেম’ৰিয়ল পার্ক, তিলৈ পঞ্চায়তৰ অন্তৰ্গত ডোমৰদলং প্ৰেক্ষাগৃহৰ সন্মুখত আনটাইড ফাণ্ডৰ দহ লক্ষ্য টকাৰে সাধনী মেম’ৰিয়েল পার্ক নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে ।
লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান