অসম

assam

ETV Bharat / state

পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন - ETV BHARAT

আজি টিংখাঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টিংখাং পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা কৰে । ৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মান হ'ব এই শিক্ষা প্ৰতিষ্ঠানটো ।

SARBANANDA SONOWAL

By

Published : Mar 3, 2019, 9:56 PM IST

টিংখাঙ, ৩ মাৰ্চ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি টিংখাঙত স্থাপন হ'বলগীয়া এখন পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা কৰে । ৫০ কোটিটকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'ব টিংখাঙৰ ১ নং বেতনি গাঁৱৰ এই পলিটেকনিক খন । ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় যে, কাৰিকৰী দিশত ছাত্ৰ-ছাত্ৰী সকলক পাকৈত কৰি তুলিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰত্যেকটো সময়তে প্ৰাধান্য দিব । অসম প্ৰশাসনিক সেৱাৰ সংস্কাৰৰ জৰিয়তেও প্ৰায় ৫৫ হাজাৰ নিৱনুৱা যুৱক - যুৱতীক বিভিন্ন বিভাগত স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে ।

SARBANANDA SONOWAL

উল্লেখযোগ্য যে, এই আধাৰশিলা স্থাপন অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ ৰামেশ্বৰ তেলী, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব মনিন্দ্ৰ সিং, ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, টিংখাঙৰ বিধায়ক বিমল বড়াও উপস্থিত থাকে । আনহাতে উক্ত সভাতে মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰণ আঁচনিৰ ছিগনেচাৰ প্ৰকল্পৰ অধীনত ১০ কোটি টকা ব্যয়েৰে ৰাজগড় বহুমুখী বজাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ১৯১ কোটি টকা ব্যয়েৰে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সবলীকৰণ আঁচনিৰো শুভাৰম্ভ কৰে ।

ABOUT THE AUTHOR

...view details