মৰাণ,১০ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে (Upcoming Loksabha Election)। সমান্তৰালকৈ প্ৰাৰ্থীত্বক লৈও ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে । শাসকীয় দলটোৱেও এই ক্ষেত্ৰত আটাইকেইটা সমষ্টিতে জয়ৰ লক্ষ্যৰে কুছকাৱাজ আৰম্ভ কৰিছে ।
কিন্তু প্ৰাৰ্থীত্বক লৈ যেন মুখ খুলিবলৈ সাহস কৰা নাই একাংশ সাংসদ তথা বিজেপি নেতাই । প্ৰাৰ্থীত্বক লৈ মৰাণৰ দিৰৈত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰতো সাংসদজনে পোনে পোনে ইয়াৰ সিদ্ধান্ত দলে ল'ব বুলিয়ে মন্তব্য কৰিলে (MP Tapan Gogoi reacts over Loksabah Election)। ইফালে সমষ্টি দখলৰ লক্ষ্যৰে শাসকীয় দলটোৱে কেইবাজনো সাংসদৰ টিকট কৰ্তন কৰিব বুলি ওলোৱা খবৰক লৈ তেওঁ কয় যে, এয়া সংবাদ মাধ্যমে কৰা প্ৰচাৰ হে । এনে খবৰ তেওঁ ক'তো শুনা নাই বুলি কৈ বিষয়টোৰ পৰা সাংসদজন আঁতৰি থাকিবলৈ চেষ্টা কৰে ।
উল্লেখ্য যে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ শেলাইগুৰি তিনিআলিৰ পৰা মৰাণ সংযোগী পথৰ লগতে দিৰৈ নৈৰ ওপৰত বৃহস্পতিবাৰে এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে (Foundation stone laying of bridge in Moran)৷ এই পথ-দলং নিৰ্মাণৰ বাবে চৰাইদেউ জিলা লোক নিৰ্মাণ বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৫ কোটি ৩ লাখ টকা আৱন্টন দিয়া হৈছে ৷