অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত পালন কৰা হ'ল ডিকম জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

ন বছৰ আগতে প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ ডিকম জাতীয় বিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস ৷ ৰাতিপুৱাই ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে একত্ৰিত হৈ জাতীয় সত্বা দিৱস অৰ্থাৎ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন কৰে ৷

Foundation day of Dikom Jatiya Vidyalaya celebrated at Dibrugarh
ডিব্ৰুগড়ত পালন কৰা হ'ল ডিকম জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

By

Published : Jan 1, 2021, 1:58 PM IST

মৰাণ, 1 জানুৱাৰী: আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন, আৰু এই দিনটোতে ন বছৰ আগতে প্ৰতিষ্ঠা লাভ কৰিছিল ডিকম জাতীয় বিদ্যালয়ে ৷ সেই উপলক্ষে নৱবৰ্ষৰ প্ৰথম দিনটোতে দবা ,শংখ ধ্বনিৰে মুখৰিত হ'ল ডিকম জাতীয় বিদ্যালয়ৰ চৌদিশ ৷ ৰাতিপুৱাই ছাত্ৰ- ছাত্ৰী, বিশিষ্ট সমাজকৰ্মী সকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে একত্ৰিত হৈ জাতীয় সত্বা দিৱস অৰ্থাৎ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন কৰে ।

ডিব্ৰুগড়ত পালন কৰা হ'ল ডিকম জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে, ডিকম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ টিকেন্দ্ৰজিৎ পাটগিৰিয়ে সভাপতিত্ব কৰা অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল লাহোৱাল মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা সৰল দত্ত, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজ সেৱক ৰাজেন্দ্ৰ নাথ সন্দিকৈ, অৱসৰপ্ৰাপ্ত শিক্ষক বিৰেন ফুকন, সুৰেশ কুৰ্মী আৰু বহু কেইজন বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক:নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details